
দুই শতাধিক উদণ্ডই আক্ৰমণ কৰিলে আৰক্ষীক
দুই শতাধিক উদণ্ডই আক্ৰমণ কৰিলে আৰক্ষীক
ধুবুৰীত ভয়ংকৰ ঘটনা। ল’ক ডাউন অমান্য কৰা একাংশ উন্মাদ জনতাই বৰ্বৰ ভাবে আক্ৰমণ কৰিলে কৰ্তব্যৰত আৰক্ষীক। ধুবুৰীৰ চাপৰত লকডাউন অমান্য কৰি বহা ফেলিমাৰী বজাৰ বন্ধ কৰিবলৈ গৈছিল আৰক্ষীৰ দলটো। বজাৰ খোলাত বাধা দিয়াৰ লগে লগে আৰক্ষীৰ ওপৰত দুই শতাধিক লোকে আক্ৰমণ কৰে। আক্ৰমণত গুৰুতৰ ভাবে আহত হয় দুজন আৰক্ষী।
টহলদাৰী দলটোত আছিল চাপৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া-নীলমনি নাথ,উপ পৰিদৰ্শক-বিপুল দাস,কনিষ্টবল-সাহাদত খান আৰু সজল পাল । ঘটনাত গুৰুতৰ ভাৱে আহত হোৱা আৰক্ষী বিষয়া বিপুল দাস আৰু কনিষ্টবল সাহাদত খানক চাপৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|