• Home
  • »
  • News
  • »
  • assam
  • »
  • নিৰামিষ খাই আমনি লাগিছে নেকি? চিন্তা নকৰিব, দুই এদিনৰ ভিতৰতে ঘৰে ঘৰে যোগান ধৰা হ’ব মাছ-মাংস

নিৰামিষ খাই আমনি লাগিছে নেকি? চিন্তা নকৰিব, দুই এদিনৰ ভিতৰতে ঘৰে ঘৰে যোগান ধৰা হ’ব মাছ-মাংস

 গুৱাহাটীৰ ৯০ টা পইন্টত শাক পাচলি বিক্ৰীৰো ব্যৱস্থা কৰিছে প্ৰশাসনে

 গুৱাহাটীৰ ৯০ টা পইন্টত শাক পাচলি বিক্ৰীৰো ব্যৱস্থা কৰিছে প্ৰশাসনে

 গুৱাহাটীৰ ৯০ টা পইন্টত শাক পাচলি বিক্ৰীৰো ব্যৱস্থা কৰিছে প্ৰশাসনে

  • Share this:
কোৰোণা ভাইৰাছ প্ৰতিৰোধ কৰাৰ স্বাৰ্থত এতিয়া সকলোতে লকডাউন। লকডাউনৰ ফলত এতিয়া বহু লোক বঞ্চিত হ’বলগীয়া হৈছে মাছ-মাংস খোৱাৰ পৰা। অৱশ্যে গাঁৱত বাস কৰা সকলে বাৰু ঘৰৰ শাক-পাচলি, পুখুৰীৰ মাছ কেতিয়াবা খাবলৈ পাইছেই! কিন্তু গুৱাহাটীৰ অধিকাংশই এতিয়া সদায় নিৰামিষ আহাৰেই গ্ৰহণ কৰিবলগীয়া গৈছে। মন গ’লেও খাব পৰা নাই মাছ-মাংস।

কিন্তু এতিয়া আৰু চিন্তা নাই।  দুই এদিনৰ ভিতৰতে গুৱাহাটীৰ মহানগৰীৰ ঘৰে ঘৰে যোগান ধৰা হ’ব মাছ-মাংস। এই ক্ষেত্ৰত কামৰূপ জিলা প্ৰশাসনে প্ৰদান কৰিব অনুমতি। যি সকলে ঘৰে ঘৰে মাছ-মাংস দিব বিচাৰে তেওঁলোকক কামৰূপ জিলা প্ৰশাসনক যোগাযোগ কৰিবলৈ জনোৱা হৈছে আহ্বান। এই কথা News18ক জনাইছে  উপাযুক্ত বিশ্বজিৎ পেগুৱে। ইয়াৰ উপৰিও গুৱাহাটীৰ ৯০ টা পইন্টত শাক পাচলি বিক্ৰীৰো ব্যৱস্থা কৰিছে প্ৰশাসনে।
Published by:Himangshu Bhuyan
First published: