মুখ্যপৃষ্ঠা »খবৰ »অসম »Incomplete Bridge : "আমি তেওঁকে বাৰম্বাৰ ভোট দি জিকাই আছোঁ, কিন্তু তেওঁ কিয় আমাক এনেদৰে প্ৰতাৰণা কৰি আছে?" এজন বিধায়কৰ বিৰুদ্ধে এটা সমষ্টিৰ ৰাইজৰ ক্ষোভ

Incomplete Bridge : "আমি তেওঁকে বাৰম্বাৰ ভোট দি জিকাই আছোঁ, কিন্তু তেওঁ কিয় আমাক এনেদৰে প্ৰতাৰণা কৰি আছে?" এজন বিধায়কৰ বিৰুদ্ধে এটা সমষ্টিৰ ৰাইজৰ ক্ষোভ

মৰিয়নৰ এখন অসম্পূৰ্ণ দলং

মৰিয়নৰ এখন অসম্পূৰ্ণ দলং

Incomplete Bridge : ২০২০ চনতে মৰিয়নিৰ জেঙনি মৰান গাঁৱৰ চিৰাখাটি নৈৰ ওপৰত দলং নিৰ্মাণৰ অনুমোদন লাভ কৰে। বিধায়ক উন্নয়ন পুঁজিৰ পৰা নিৰ্মাণ হোৱা বহু প্ৰত্যাশিত দলং নিৰ্মাণৰ কাম আৰম্ভ হ'ল ঠিকেই কিন্তু আজিলৈ সম্পূৰ্ণ নহ'ল।

  • Share this:
এখন দলঙৰ বাবেই জ্বলা কলা খাব লগা হৈছে মৰিয়নি (Mariani)ৰ জেঙনি মৰাণ গাঁৱৰ ৰাইজকে ধৰি আঠখন গাঁৱৰ ৰাইজে। অঞ্চলটোৰ গাঁওবাসী আজি পৰ্যন্ত ১০৮ বিনামূলীয়া এম্বুলেন্স অথবা আদৰণি বাহনৰ সেৱাৰ পৰা বঞ্চিত। জেঙনি আৰু হাতীজুৰি অঞ্চল সংযোগী গুৰুত্বপূৰ্ণ পথটোৰ চিৰাখাটি নৈৰ ওপৰত এখন দলং (Bridge) নথকাত অঞ্চলটোলৈ বহু যুগ ধৰি যান বাহনৰ চলাচল বন্ধ হৈ আছে। জেঙনি মৰান গাঁও বাসীয়ে এম্বুলেন্স বা কোনো বাহন ভাড়ালৈ মাতিলে চালকে গাঁওৰ নাম শুনিয়ে চিধাই দলং নাই যাব নোৱাৰিম বুলি উত্তৰ দিয়ে।

২০২০ চনত চিৰাখাটি নৈৰ ওপৰত দলং নিৰ্মাণৰ অনুমোদন লাভ কৰে। বিধায়ক উন্নয়ন পুঁজিৰ পৰা নিৰ্মাণ হোৱা বহু প্ৰত্যাশিত দলং নিৰ্মাণৰ কাম আৰম্ভ হ'ল ঠিকেই। কিন্ত জেঙনি মৰান গাঁওবাসীৰ দুৰ্যোগৰ যেন অন্ত নপৰিল। দলং নিৰ্মাণৰ বাবে আৱণ্টিত পুঁজিৰ  সিংহভাগেই দায়িত্বপ্ৰাপ্ত দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰে  উদৰস্থ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ।ফলস্বৰূপে বিগত এবছৰে অৰ্ধনিমিত হৈয়ে ৰ'ল জেঙনি মৰান গাঁৱৰ দলংখন।

ৰাইজে বহু অনুনয় বিনয় কৰি ঠিকাদাৰজনক দলংখনৰ নিৰ্মান সম্পূৰ্ণ কৰাব নোৱাৰিলে।গাঁও বাসীয়ে উপায়ন্তৰ হৈ আধৰুৱা আৰ চি চি দলং খনৰ ওপৰত লোহাৰ জইচ তিনিডাল পাৰি এতিয়া মৰণত শৰণ দি অতি বিপদ সংকুলভাবে নিতৌ অহা-যোৱা কৰে। ইতিমধ্যে আধৰুৱা দলং খনৰ বাবেই দুৰ্ঘটনা সংঘটিত হৈ কেইবাজনো লোক গুৰুত্ব ভাৱে আহত হ'ব লগীয়া হৈছে।

উল্লেখ্য যে, জেঙনি অঞ্চলবাসীৰ বাবে  স্কুল-কলেজ, বজাৰ-হাটকে ধৰি স্বাস্থ্য কেন্দ্ৰলৈ অহা যোৱা কৰা একমাত্ৰত মূল পথ এইটো। মনকৰিবলগীয়া যে দলংখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হওতেই ঠিকাদাৰে বিভাগীয় নিয়ম অনুসৰি তথ্য ফলক লগাব লাগিছিল যদিও তথ্য ফলক নলগোৱাৰ অভিযোগ উঠিছে। গাঁৱৰ এগৰাকী মহিলাই ক্ষোভেৰে কয় যে  "আমাৰ গাওঁলৈ আজি পৰ্যন্ত আদৰণি বাহন বা এম্বুলেন্স এখন আহি পোৱা নাই। ৰোগীক বোকোচাত লৈ আমি চিকিৎসালয়লৈ নিব লাগে।" মহিলাগৰাকীয়ে বিধায়ক ৰূপজ্যোতি কুৰ্মী (Rupjyoti Kurmi)ৰ প্ৰতিও তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয় "আমি বাৰম্বাৰ একেজন মানুহকে ভোট দি জিকাই আহিছোঁ।তেওঁ আমাক কিয় প্ৰতাৰণা কৰিছে?  আমি বহুত দুখ পোৱাj লগতে লাজো পাইছো সাংবাদিকৰ আগত এনেকৈ ক'বলৈ"।

এতিয়া সহজ-সৰল গাওঁবাসীৰ চৰকাৰলৈ এটাই আহ্বান আমাক সুতা-কম্বল, লেট্ৰিন অথবা চৰকাৰী ঘৰ নালাগে। আমাক দলং আৰু পথটো অতি শীঘ্ৰে নিৰ্মাণ কৰি দিয়ক।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

শেহতীয়া বাতৰি