এফালে পৰিৱৰ্তনৰ শ্ল’গান, আনফালে যাতায়াতৰ বাবে এটা পথৰ অভাৱত ভুগিছে ৰাইজে। চৰকাৰ আৰু জনপ্ৰতিনিধিসকলৰ ওপৰত আস্থা হেৰুৱাই এইবাৰ গাঁঠিৰ ধন ভাঙি পথ নিৰ্মাণ আৰম্ভ কৰিলে ৰাইজে। দীৰ্ঘ দিনৰ পৰা হাইলাকান্দি সমষ্টিৰ বাহাদুৰপুৰ প্ৰথম খণ্ড গাঁৱৰ এটা বিধ্বস্ত পথে ৰাইজক জ্বলাকলা খুৱাই আহিছিল। পিছত চৰকাৰৰ তথা জনপ্ৰতিনিধিৰ মুখলৈ বাট নাচাই হাতে-হাতে কোৰ লৈ পথ নিৰ্মাণৰ বাবে ওলাই আহিল সাধাৰণ ৰাইজ ৷
হাইলাকান্দি শহৰতলীৰ বাহাদুৰপুৰ গাঁৱৰ ৰাইজে জনপ্ৰতিনিধিৰ ওপৰত আস্থা হেৰুৱাই নিজাকৈ শ্ৰমদানেৰে পথ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে ৷ গাঁৱখনৰ সকলো পুৰুষে হাতে হাতে কোৰ লৈ শ্ৰমদান কৰি আৰম্ভ কৰিছে পথ নিৰ্মাণৰ কাম ৷ নিৰ্মাণ কামৰ বাবে গাঁৱৰ প্ৰতিটো ঘৰৰ পৰা সামৰ্থ অনুসৰি বৰঙণি সংগ্ৰহ কৰি অৰ্থ যোগান ধৰা হৈছে । এতিয়ালৈকে প্ৰায় ১ লাখ টকা সংগ্ৰহ কৰি পথটোৰ নিৰ্মাণ কাম চলাই গৈছে বাহাদুৰপুৰৰ গঞাই ।
সামান্য পথ এটা বছৰ বছৰ ধৰি মেৰামতি কৰিবলৈ সক্ষম নোহোৱাৰ বাবেই আগন্তুক নিৰ্বাচনসমূহত কোনো ৰাজনৈতিক নেতাকে এই গাঁৱত প্ৰবেশ কৰিব দিয়া নহ'ব বুলি হুংকাৰ দিছে ৰাইজে ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|