உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Kaziranga : কাজিৰঙাত মৎস্য চিকাৰকলৈ উত্তপ্ত পৰিস্থিতি, ৰাষ্ট্ৰীয় ঘাই পথত ঘণ্টা ঘণ্টা জুৰি আবদ্ধ শ শ বাহন

    Kaziranga : কাজিৰঙাত মৎস্য চিকাৰকলৈ উত্তপ্ত পৰিস্থিতি, ৰাষ্ট্ৰীয় ঘাই পথত ঘণ্টা ঘণ্টা জুৰি আবদ্ধ শ শ বাহন

    কাজিৰঙাত প্ৰতিবাদ

    কাজিৰঙাত প্ৰতিবাদ

    Kaziranga: বোকাখাত আৰু কলিয়াবৰ মহকুমা প্ৰশাসনৰ সহযোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উৰুকাৰ মৎস্য চিকাৰৰ ক্ষেত্ৰত জাৰি কৰিলে ১৪৪ ধাৰা। ফলত কাজিৰঙাত উৰুকাৰ মাছ মৰাক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে পুৱাই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

    • Share this:
    আজি মাঘৰ উৰুকা।ৰাজ্যৰ ভিন্ন প্ৰান্তত উৰুকাৰ দিনটোত সমূহীয়াভাৱে মৎস্য চিকাৰ কৰাৰ পৰম্পৰা চলি আহিছে। কিন্তু ইয়াৰ বিপৰীতে কাজিৰঙাত প্ৰতিবছৰে উৰুকাৰ মাছ মৰাক কেন্দ্ৰ কৰি সৃষ্টি হয় অপ্ৰীতিকৰ পৰিস্থিতিৰ। উৰুকা উপলক্ষে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সীমা মূৰীয়াএলেকাত প্ৰৱেশ কৰি মৎস্য চিকাৰত বাধা আৰোপ প্ৰশাসনৰ।

    কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই বোকাখাত আৰু কলিয়াবৰ মহকুমা প্ৰশাসনৰ সহযোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উৰুকাৰ মৎস্য চিকাৰৰ ক্ষেত্ৰত জাৰি কৰিলে ১৪৪ ধাৰা। কিন্তু আইন উলংঘা কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এলেকাত মৎস্য চিকাৰ কৰিলে বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত গোচৰ ৰুজু কৰিব প্ৰশাসনে। ফলত কাজিৰঙাত উৰুকাৰ মাছ মৰাক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে পুৱাই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

    বোকাখাত মহকুমাৰ অন্তৰ্গত হালধীবাৰী আৰু কলিয়াবৰ মহকুমাৰ অন্তৰ্গত নহৰুবস্তি, কাঞ্চনজুৰী, দেউচুৰ আদি অঞ্চলত মৎস্য চিকাৰ কৰিবলৈ ওলাই আহিল শ শ লোক। ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰ কেইবাখনো গাঁৱৰ লোক ওলাই আহিল ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া বিলত মৎস্য চিকাৰ কৰিবলৈ। বন বিভাগ আৰু আৰক্ষীয়ে স্থানীয় লোকক বাধা প্ৰদান কৰাত পৰিস্থিতি উত্তপ্ত হৈ পৰে।প্ৰতিবাদকাৰীয়ে ৰাষ্ট্ৰীয ঘাইপথ‌ অৱৰোধ কৰি বন বিভাগৰ বিৰুদ্ধে বিক্ষোভ প্ৰকাশ কৰে ।

    উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া একাংশ বিলত মাঘৰ বিহুৰ উৰুকাৰ দিনা স্থানীয় লোকক মাছ মৰাৰ সুবিধা অতিজৰে পৰা বন বিভাগে প্ৰদান কৰি আহিছিল ৷ কিন্তু বিগত বৰ্ষৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই মৎস্য চিকাৰৰ ক্ষেত্ৰত বাধা আৰোপ কৰাত ক্ষোভিত হৈ পৰিছে উদ্যানৰ দাঁতিকাষৰীয়া লোক সকল ৷ আনকি দূৰদূৰণিৰ পৰাও কাজিৰঙাৰ নিচেই সমীপৰ বিল, জলাশয়ত মাছ মাৰিবলৈ আহিছিল বহু লোক ৷ কিন্তু কলিয়াবৰ, বোকাখাত মহকুমা প্ৰশাসনে ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া অঞ্চলত ১৪৪ ধাৰা জাৰি কৰাত পৰিস্থিতি উত্তপত হৈ পৰে। উল্লেখ্যে যে প্ৰতিবাদকাৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাত ভয়ংকৰ যান-জঁটৰ সৃষ্টি হয়।

    প্ৰায় তিনি ঘণ্টা জোৰা পথ অৱৰোধৰ পিছত প্ৰতিবাদকাৰীৰ ওচৰত সেও মানিলে প্ৰশাসন, বন বিভাগে।  তিনি ঘন্টা ধৰি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ অন্তত বুঢ়াপাহাৰ বনাঞ্চলৰ অধীনৰ দেওচুৰত মাছ মাৰিবলৈ অনুমতি প্ৰশাসন, বন বিভাগৰ। ইয়াৰ পিছতে হিল'দল ভাঙি ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ বিলত মাছ মাৰিবলৈ যায় স্থানীয় লোকসকল ইফালে, প্ৰতিবাদস্থলীত উপস্থিত নহল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কোনো এজন শীৰ্ষ বিষয়া। কলিয়াবৰ মহকুমাৰ নহৰুবস্তি, দেউচুৰ, ৰাঙলু আদি অঞ্চলত পৃথকে পৃথকে হোৱা এই পথ অৱৰোধৰ ফলত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত উজনি আৰু নামনি মুৱা শ শ বাহন আবদ্ধ হৈ ৰয়।
    Published by:Manjumoni Borah
    First published: