• Home
  • »
  • News
  • »
  • assam
  • »
  • Poor Road: জৰাজীৰ্ণ পথে জ্বলাকলা খুৱাইছে হাইলাকান্দিবাসীক, মেৰামতিৰ দাবীত পথ অৱৰোধ

Poor Road: জৰাজীৰ্ণ পথে জ্বলাকলা খুৱাইছে হাইলাকান্দিবাসীক, মেৰামতিৰ দাবীত পথ অৱৰোধ

৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে আনন্দবজাৰ, ভগৱানপুৰ, বলদাবলদি আদিকে ধৰি প্ৰায় ২০খন গাঁৱৰ ৫০ হাজাৰৰো অধিক লোকৰ অহা-যোৱাৰ এক মাত্ৰ অৱলম্বন এইটো পথ।

  • Share this:
বাৰিষাৰ সময়ত সৃষ্টি হয় পুখুৰী সদৃশ গাঁতৰ, কিন্তু পৰিত্ৰাণ নাই খৰালিৰ দিনতো। শীত বা বৰ্ষা সকলো ঋতুতেই এই জৰাজীৰ্ণ পথেৰে (Bad Road) অহা-যোৱা কৰিবলগা হয় হাইলাকান্দি (Hailakandi) জিলাৰ কাটলিছেড়া সমষ্টিৰ প্ৰায় ৫০ হাজাৰ ৰাইজে। সদায় জৰাজীৰ্ণ অবস্থাত থকা এই পথটো হৈছে হাইলাকান্দি জিলাৰ কাটলিছেড়া সমষ্টিৰ আনন্দবজাৰ-ভগৱানপুৰ গড়কপ্টানী পথ ।

৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে আনন্দবজাৰ, ভগৱানপুৰ, বলদাবলদি আদিকে ধৰি প্ৰায় ২০খন গাঁৱৰ ৫০ হাজাৰৰো অধিক লোকৰ অহা-যোৱাৰ এক মাত্ৰ অৱলম্বন এইটো পথ। প্ৰতিদিনে হজাৰ হজাৰ লোকে যাতায়াত কৰে এইটো পথেৰে। কিন্তু বহু বছৰ ধৰি এনে জৰাজীৰ্ণ আবস্থাত আছে এই পথটো ।

বহু দিনৰ পৰা এই অঞ্চলৰ ৰাইজে পথটো মেৰামতি কৰি দিয়াৰ বাবে গড়কপ্টানী (PWD) বিভাগক আবেদন-নিবেদন কৰি আহিছে । কিন্তু ৰাইজৰ এনে দুৰ্দশা দেখিও কোনো পদক্ষেপ গ্ৰহণ নকৰিলে গড়কপ্টানী বিভাগে । যাৰ ফলত আজি পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজ আৰু দল-সংগঠনে । অতি সোনকালে এই পথটো চলাচলৰ উপযোগী কৰি নিদিলে আগন্তুক দিনত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ হুংকাৰ প্ৰতিবাদকাৰীসকলৰ।
Published by:Manjumoni Borah
First published: