• Home
  • »
  • News
  • »
  • assam
  • »
  • Save Chandubi : পথ নিৰ্মাণৰ নামত কটা হ'ব সহস্ৰাধিক মূল্যৱান গছ, চানডুবিৰ প্ৰকৃতি ৰক্ষাৰ বাবে 'দেশতকৈ মোমাই ডাঙৰ নহয়' শ্লোগান ৰাইজৰ

Save Chandubi : পথ নিৰ্মাণৰ নামত কটা হ'ব সহস্ৰাধিক মূল্যৱান গছ, চানডুবিৰ প্ৰকৃতি ৰক্ষাৰ বাবে 'দেশতকৈ মোমাই ডাঙৰ নহয়' শ্লোগান ৰাইজৰ

পথ নিৰ্মাণৰ নামত কটা হ'ব প্ৰায় এহেজাৰ জোপা মূল্যৱান গছ । ম্লান হ'ব চানডুবিৰ সৌন্দৰ্য্য । বিকল্প ব্যৱস্থা থকাৰ পিছতো ৰজাঘৰীয়াৰ মইমতালিৰ বিৰুদ্ধে প্ৰতিবাদৰ হুংকাৰ দক্ষিণ কামৰূপৰ অসম মেঘালয় সীমান্তত উজ্বলি থকা মনোৰম চানডুবিৰ অঞ্চলৰ ৰাইজৰ ।

  • Share this:
প্ৰকৃতি ৰক্ষাৰ বাবে এতিয়া ৰাইজৰ শ্লোগান হৈছে দেশতকৈ মোমাই ডাঙৰ নহয়‌। মহানগৰীৰ পৰা প্ৰায় ৬০ কিঃমিঃ নিলগত দক্ষিণ কামৰূপৰ অসম মেঘালয় সীমান্তত উজ্বলি থকা মনোৰম চানডুবি (Chandubi)ৰ ম্লান হ'ব সৌন্দৰ্য্য । চানডুবিলৈ যাওতে পথৰ দুয়োকাষৰ সেউজীয়াৰ নান্দনিক দৃশ্য আপুনি আৰু উপভোগ কৰিবলৈ হয়তো নাপাব । কাৰণ পথ উন্নয়নৰ নামত প্ৰায় চাৰি কিঃমিঃ জুৰি এফালৰ পৰা কাটি পেলোৱা হ'ব মূল্যৱান গছ-গছনি ।

পুৰণি পথচোৱা নতুনকৈ নিৰ্মাণ কৰাৰ বাবে বিকল্প ব্যৱস্থা থকাৰ পিছতো সেউজ বনানিৰ বক্ষ ফালি নতুনকৈ পথ নিৰ্মাণৰ আঁচনি হাতত লোৱা বুলি অভিযোগ কৰিছে স্থানীয় লোকে। অঞ্চলটোৰ সচেতন ৰাইজ আৰু দল- সংগঠনে ইয়াৰ বিৰোধীতাৰে বিভিন্ন পক্ষৰ ওচৰত আবেদন-নিবেদন কৰিছে যদিও সকলো নিৰ্বিকাৰ । যাৰ পৰিণতিত শনিবাৰে শ-শ লোক সমবেত হৈ মুদুকীত অনুষ্ঠিত কৰিলে ৰাজহুৱা সভা।

শনিবাৰে ৰাজহুৱা সভা কৰি 'দেশতকৈ মোমাই ডাঙৰ নহয়' বুলি একেমুখে হুংকাৰ দিলে সকলোৱে। মামাৰূপে বিখ্যাত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ক কটাক্ষ কৰি প্ৰয়োজনত তীব্ৰ আন্দোলনৰ হুংকাৰ দিলে স্থানীয় লোকে । উন্নয়ন বিচাৰে যদিও প্ৰকৃতি ধ্বংসৰে কোনো উন্নয়ন সীমান্তবাসীয়ে আশা কৰা নাই বুলি স্পষ্ট কৰি দিছে আৰু প্ৰয়োজনত আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে। সততে প্ৰকৃতি সুৰক্ষাৰ শ্লোগান আওৰোৱা ৰজাঘৰীয়াৰ এনে হঠকাৰী সিদ্ধান্তই  চানডুবিক বিপদাপন্ন কৰিব বুলি আশংকা কৰিছে অঞ্চলটোৰ লোকে।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি