• Home
  • »
  • News
  • »
  • assam
  • »
  • Illegal Encroachment : তেজ দিম, মাটি নিদিওঁ ! সন্দেহজনক বেদখলকাৰীৰ বিৰুদ্ধে মায়ংবাসীৰ হুংকাৰ, ঔগুৰি চাপৰিত বিৰিণা জ্বলাই প্ৰতিবাদ

Illegal Encroachment : তেজ দিম, মাটি নিদিওঁ ! সন্দেহজনক বেদখলকাৰীৰ বিৰুদ্ধে মায়ংবাসীৰ হুংকাৰ, ঔগুৰি চাপৰিত বিৰিণা জ্বলাই প্ৰতিবাদ

ঔগুৰি চাপৰিত বিৰিণা জ্বলাই প্ৰতিবাদ

ঔগুৰি চাপৰিত বিৰিণা জ্বলাই প্ৰতিবাদ

ক্ৰমাৎ জটিলৰ দিশে মায়ঙৰ পৰিস্থিতি

  • Share this:
ক্ৰমাৎ জটিলৰ দিশে গতি কৰিছে মায়ঙৰ বেদখলৰ ঘটনাই ৷ ঔগুৰি চাপৰিৰ জংঘলত জুই জ্বলাই প্ৰতিবাদত নামিছে মায়ঙৰ ঔগুৰিৰ খিলঞ্জীয়া কৃষক । “আমাৰ মাটি আমাক ঘুৰাই দিয়ক ! তেজ দিম কিন্তু মাটি নিদিওঁ !” অন্যথা পৰিস্থিতি হ'ব ভয়ংকৰ ৷ এই হুংকাৰেৰে প্ৰতিবাদ মায়ঙবাসীৰ ৷

ক্ৰমাৎ যেন জটিল ৰূপ ধাৰণ কৰিছে মায়ঙৰ বেদখলিকৃত ঔগুৰি চাপৰিত ৷ কিয়নো আন আন বছৰৰ দৰে এইবাৰো উক্ত চাপৰিত খেতি কৰিবলৈ মায়ঙবাসী সাজু হৈ আছে যদিও সেই চাপৰি এতিয়া সন্দেহযুক্ত লোকৰ কবলত ৷ স্থানীয় লোকৰ ভূমি বেদখলৰ অভিযোগ একাংশ সন্দেহযুক্ত লোকৰ বিৰুদ্ধে ৷ বেদখলকাৰীৰ কবলত ঔগুৰি লুইতপৰীয়া নামঘৰীয়া কৃষক সমবায় সমিতিৰ ভূমিও ৷ প্ৰতিদিনে একাংশ সন্দেহজনক লোকে সাজিছে ন ন ঘৰ, মাটি চহাই কৰিছে খেতি-বাতি ৷  যাক লৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে মায়ঙত ৷

আনহাতে নিশাৰ ভিতৰতে অচিনাকি লোকে আহি ঘৰ সজাৰো অভিযোগ স্থানীয় লোকৰ ৷ খেতি কৰিব নোৱাৰি একাংশ কৃষকে পথাৰত বিৰিণা জ্বলাই সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ । বেদখলকাৰীক বান্ধি দিলে দেওবাৰৰ শেষ সময়সীমা ৷ অন্যথা পৰিস্থিতি ভয়ংকৰ হোৱাৰ ইংগিত দিলে উত্তেজিত কৃষকে ৷

ইফালে বিবদমান ভূমি প্ৰকৃততে মৰিগাঁও জিলা নে দৰং জিলাৰ অধীনৰ তাক লৈও পৰ্যবেক্ষণ আৰম্ভ কৰিছে দুয়োখন জিলাৰ প্ৰশাসনে ৷ মায়ঙৰ বেদখলিকৃত ঔগুৰি চাপৰিত বুধবাৰে উপস্থিত হয় মৰিগাঁও আৰু দৰং জিলা প্ৰশাসন ৷ বেদখলিকৃত ভূমি পৰিদৰ্শন কৰে দৰং ৰাজহ চক্ৰ বিষয়া দেৱংগন শৰ্মা আৰু মায়ং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া (সংলগ্ন) গৌতম ভাস্কৰে ৷

ইয়াৰ সমান্তৰালকৈ দৰঙৰ আৰক্ষী বিষয়া মস্ক’ হাজৰিকা আৰু মায়ং আৰক্ষী বিষয়া প্ৰাঞ্জল চেতিয়া সহ এটা আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ দল উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷ হয়তো ইয়াৰ পিছতহে ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে ৷

ইয়াৰ মাজতে চৰকাৰলৈ স্থানীয় মহিলা সকলৰ কৰযোৰে আহ্বান ৷ অতি শীঘ্ৰে বেদখলমুক্ত কৰি মায়ঙবাসীক সহায় কৰক চৰকাৰে ৷ অন্যথা এই ঔগুৰি চাপৰিত অঘটন সংঘটিত হ'ব পাৰে বুলিও সকিয়াই দিয়ে ৷
Published by:Manjumoni Borah
First published: