হাইলাকান্দিৰ টেমপুৰৰ পৰা কুচিলা হৈ ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী গড়কাপ্তানী পথটো কেইবাবছৰেও মেৰামতি নকৰাত পথটোত পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে।
হাইলাকান্দিৰ টেমপুৰৰ পৰা কুচিলা হৈ ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী গড়কাপ্তানী পথটো কেইবাবছৰেও মেৰামতি নকৰাত পথটোত পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে।
বিকশিত অসমৰ অবিকশিত ছবি । বৰাক উপত্যকাৰ হাইলাকান্দি জিলাৰ বিভিন্ন স্থানত যাতায়াতৰ নামত যমৰ যাতনা ভূগিছে ৰাইজে। জিলাখনৰ বহু ঠাইত পুখুৰী সদৃশ পৰিবেশ সৃষ্টি হৈছে গড়কপ্তানী পথ সমূহত। উন্নয়নে স্পৰ্শ নকৰা এই সমূহ পথ নিৰ্মাণৰ দাবীত স্থানীয় লোকে কৰিবলগা হৈছে প্ৰতিবাদ ।
হাইলাকান্দিৰ টেমপুৰৰ পৰা কুচিলা হৈ ৬ নম্বৰ (পুৰণি ১৫৪) ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী গড়কাপ্তানী পথটো কেইবা বছৰেও মেৰামতি নোহোৱাত পথটোত এতিয়া য'তে-ত'তে পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে। স্থানীয় ৰাইজে যোৱা ৫ বছৰৰ পৰা বিভাগীয় কৰ্তৃপক্ষক এই সন্দৰ্ভত অৱগত কৰালেও এতিয়ালৈ গ্ৰহণ কৰা নাই কোনো পদক্ষেপ।
অবশেষত উপায় নাপাই গড়কাপ্তানি পথ মেৰামতিৰ দাবীত বৃহস্পতিবাৰে পুৱাৰ পৰা আন্দোলন আৰম্ভ কৰিলে স্থানীয় ৰাইজে। ৰাইজৰ লগতে আন্দোলনত যোগ দিলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলও। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গড়কাপ্তানী বিভাগ মুৰ্দাবাদ ধ্বনীৰে প্ৰতিবাদস্থলি উত্তাল কৰি তোলে প্ৰতিবাদকাৰিসকলে। লগতে এই সন্দৰ্ভত স্থানীয় বিধায়ক জাকিৰ হুছেইন লস্কৰৰ নিৰৱ ভূমিকাৰো তীব্ৰ সমালোচনা কৰে প্ৰতিবাদকাৰীসকলে ।
এক সপ্তাহৰ ভিতৰত পথ মেৰামতিৰ কাম আৰম্ভ নকৰিলে আগন্তুক দিনত বৃহৎ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে স্থানীয় ৰাইজে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|