হাতীলৈ বুলি মৰা গুলী লাগিল যুৱকৰ শৰীৰত। গুলীয়ে ভেদি গ'ল যুৱকৰ সোঁ-হাতৰ বাহু। হয়, শেহতীয়াকৈ পোৱা এই ঘটনাটো সংঘটিত হৈছিল মঙলবাৰে সন্ধিয়া৷
তেজপুৰৰ বেজৰচুবুৰিৰ অপূৰ্ব বৰা নামৰ যুৱকজনে লগৰীয়াৰ স'তে তেজপুৰ দেৱীসিং ঘাটৰ এমূৰত ৰৈ থকা অৱস্থাতে হঠাৎ সন্ধিয়া ৫.৩০ মান বজাত যুৱকজনৰ হাত গুলীয়ে ভেদি যায়৷
ইয়াৰ পিছতে যুৱকজনক নিশাই তেজপুৰৰ এখন চিকিৎসালয়লৈ আনি চিকিৎসা প্ৰদান কৰা হয়৷ বৰ্তমান গুলীবিদ্ধ যুৱকজন সুস্থ। আঘাত বিশেষ গুৰুতৰ নহয়।
তাত্পৰ্যপূৰ্ণ যে হাতী খেদিবলৈ যোৱা বন বিভাগৰ লোকৰ হাতত এজন যুৱক গুলীবিদ্ধ হোৱাৰ পিছতো এই পৰ্যন্ত বিভাগটোৱে কোনো এটা খবৰ লোৱা নাই। এই কথাত ক্ষুণ্ণ যুৱকজনৰ লগতে পৰিয়ালৰ লোক।
আনহাতে, ঘটনাৰ সময়ত বন বিভাগৰ লোকৰ সৈতে আন স্থানীয় এজন যুৱকো আছিল, তেওঁৰ হাততো বন বিভাগৰ বন্দুক আছিল বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|