হাইলাকান্দি জিলাৰ অসম মিজোৰাম সীমান্তবৰ্তী কুন্দানলা এলেকাত বৃদ্ধি পোৱা অসামাজিক কাৰ্যকলাপ ৰোধ কৰাৰ লক্ষ্যৰে ২০০৮ চনতে স্থাপন কৰা হৈছিল এটা আৰক্ষী শিবিৰ। অস্থায়ী ভাবে শিবিৰটো স্থাপন হোৱাৰ পিছতে এলেকাটোত প্ৰায় ভাগ অসমাজিক কাৰ্যকলাপ বন্ধ হৈ পৰিছিলে । কিন্তু হঠাতে ২ দিন আগতে এই আৰক্ষী শিবিৰটো তাৰ পৰা উঠাই দিয়া হয় ।
হঠাতে জিলা আৰক্ষী-প্ৰশাসনে এই গুৰুত্বপূৰ্ণ শিবিৰটো বন্ধ কৰাৰ পিছতে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে স্থানীয় ৰাইজৰ মাজত । এই শিবিৰটো বন্ধ হোৱাৰ পিছতে এতিয়া আকৌ অসামাজিক কাৰ্যকলাপ বৃদ্ধি হোৱাৰ আশংকাত ভূগিছে স্থানীয়ণ ৰাইজ ।
ইপিনে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কাটলিছেড়া সমষ্টিৰ স্থানীয় বিধায়ক সুজাম উদ্দিন লস্কৰে । আজি হাইলাকান্দিত এক সংবাদমেল আয়োজন কৰি বিধায়ক সুজাম উদ্দিনে অতি সোনকালে কুন্দানলা এলেকাত এখন স্থায়ী আৰক্ষী চকি স্থাপন কৰাৰ দাবী জনায় ।