জন্মদিনৰ শুভেচ্ছা নহয়, ঈশান, ইবনলৈ ৰাইজৰ শ্ৰদ্ধাঞ্জলি

News18 Assam | News18-Assam
Updated:January 23, 2020, 7:36 PM IST
জন্মদিনৰ শুভেচ্ছা নহয়, ঈশান, ইবনলৈ ৰাইজৰ শ্ৰদ্ধাঞ্জলি
অগ্নিদগ্ধ হৈ কৰুণ ভাবে মৃত্যুক সাৱটি লোৱা দুই কণমানি ভাতৃ ঈশান আৰু ইবনলৈ শ্ৰদ্ধাঞ্জলি জনালে অঞ্চলবাসীয়ে

অগ্নিদগ্ধ হৈ কৰুণ ভাবে মৃত্যুক সাৱটি লোৱা দুই কণমানি ভাতৃ ঈশান আৰু ইবনলৈ শ্ৰদ্ধাঞ্জলি জনালে অঞ্চলবাসীয়ে

  • Share this:
অগ্নিদগ্ধ হৈ কৰুণ ভাবে মৃত্যুক সাৱটি লোৱা দুই কণমানি ভাতৃ ঈশান আৰু ইবনলৈ শ্ৰদ্ধাঞ্জলি জনালে অঞ্চলবাসীয়ে। আজি জন্মদিন আছিল পাঁচ বছৰীয়া ইবনৰ। কিন্তু জন্মদিনৰ দিনাই শুভেচ্ছা নহয়, দুয়োগৰাকী ভাতৃলৈ জনোৱা হ’ল শ্ৰদ্ধাঞ্জলি।

 ৫ বছৰীয়া ইবনৰ আজি আছিল জন্মদিন। সেই উপলক্ষে ৭ বছৰীয়া ভাতৃ ঈশানৰ সৈতে ইবনক ঘৰত থৈ মানুহ মাতিবলৈ ওলাই গৈছিল মাতৃ। ঘৰটোৰ প্ৰথম মহলাৰ কোঠাত খেলি আছিল দুই শিশুৱে। আইতাক আছিল তলৰ মহলাত।



সেই সময়তে ঘটিছিল ভয়ংকৰ ঘটনাটো। শ্বৰ্ট চাৰ্কিটৰ ফলত জ্বলি উঠিছিল প্ৰথম মহলাৰ দুৱাৰ। দুৱাৰত জুই লগাত উৱাদিহ হেৰুৱাই পেলাইছিল দুই শিশুৱে। মুহূৰ্তৰ সমগ্ৰ ঘৰটো আৱৰি ধৰিছিল জুইৰ লেলিহান শিখাই। প্ৰাণৰ মমতাত মা মা বুলি চিঞৰিছিল দুয়ো। কিন্তু সেই ভয়ংকৰ জুইৰ মাজত দুই কণমানিৰ আৰ্তনাদ শুনিও উদ্ধাৰ কৰিবলৈ আগবাঢ়ি যাব পৰা নাছিল কোনো। অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰাৰ পিছত ছাইৰ মাজত উদ্ধাৰ হয় সাবটা–সাবটিকৈ থকা দুই ভাতৃৰ মৃতদেহ। এক হৃদয়বিদাৰক দৃশ্য। বুকু বিষাই যোৱা ঘটনা। এই কৰুণ ঘটনাই এতিয়া শোকৰ ছাঁ পৰিছে অঞ্চলটোত।
Published by: Himangshu Bhuyan
First published: January 23, 2020, 6:44 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি