উৰুকাৰ বজাৰ দখল কৰিছে থলুৱাভাৱে উৎপাদিত মাছে, ৰঙিয়াৰ পৰা আহিছে সুখ‍বৰ

News18 Assam | News18-Assam
Updated:January 13, 2021, 1:15 PM IST
উৰুকাৰ বজাৰ দখল কৰিছে থলুৱাভাৱে উৎপাদিত মাছে, ৰঙিয়াৰ পৰা আহিছে সুখ‍বৰ
বজাৰত থলুৱা মাছৰ পয়োভৰ।

বজাৰত থলুৱা মাছৰ পয়োভৰ।

  • Share this:
আজি মাঘ বিহুৰ উৰুকা । ৰাজ্যৰ বাহিৰৰ আমদানিকৃত মাছৰ বিপৰীতে এইবাৰ ৰঙিয়াত উৰুকাৰ বজাৰ দখল কৰিছে থলুৱাভাৱে উৎপাদিত মাছে ।

ৰঙিয়াৰ সাপ্তাহিক বজাৰ, ইণ্ডিয়া গেট, তুলসীবাৰী, দ্বাৰকুছিকে ধৰি বিভিন্ন স্থানত ব্যৱসায়ী সকলে নিম্নতম মূল্যত গ্ৰাহকক মাছৰ যোগান ধৰিছে ।

ইয়াৰে ৫-৭ কিলো গ্ৰাম ওজনৰ চিতলৰ ৭০০ টকা, ভকুৱা-ৰৌ ৰ ৪০০ টকা দৰত বিক্ৰী হোৱাতো পৰিলক্ষিত হৈছে ।

ইফালে পুৱাৰ ভাগত বজাৰ সমূহত গ্ৰাহকৰ উপস্থিতি সেৰেঙা হোৱাতো পৰিলক্ষিত হৈছে । অৱশ্যে দিনৰ ভাগত গ্ৰাহক উপস্থিত হোৱাৰ আশা ব্যাক্ত কৰিছে ব্যৱসায়ী সকলে ।
First published: January 13, 2021, 1:13 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading