বৰপেটাৰ সৰুক্ষেত্ৰীৰ ভকুৱাটেপাত মানৱতাক লজ্জানত কৰা ঘটনা ৷ বান সাহায্য আনিবলৈ যোৱা এটা দৰিদ্ৰ পৰিয়ালক মাৰধৰ কৰাৰ অভিযোগ৷ গাঁৱৰ পৰা এঘৰীয়া পৰিয়ালটোৱে বান সাহায্য আনিবলৈ যোৱাৰ অপৰাধতে এগৰাকী জনপ্ৰতিনিধিৰ উচটনিতে পৰিয়ালটোৰ এজন যুৱকক মাৰধৰ কৰে কেইবাজনো লোকে (Feudal behaviour in distribution of flood relief) ৷
জানিব পৰা মতে, ভকুৱাটেপা গাঁৱত বিতৰণ কৰা চৰকাৰী বান সাহায্য আনিবলৈ যোৱাৰ অপৰাধতে মফিজ আলীৰ পুত্ৰ ফিৰদৌছ আলী নানৰ যুৱকজনক ডিঙি চেপি, বুকুত ঘুচিয়াই আক্ৰমণ কৰে একাংশই ৷
বিশেষকৈ মধ্য পশ্চিম সৰুক্ষেত্ৰী (Barpeta Sarukhetri) আঞ্চলিক পঞ্চায়ত সদস্য ৰাতুল আলীৰ উচটনিতে খইবৰ আলী আৰু আজগৰ আলীয়ে যুৱকজনক মাৰপিট কৰাৰ অভিযোগ পৰিয়ালটোৰ ৷ আনকি যুৱকজনৰ খুড়াকে আক্ৰমণত বাধা দিয়াত তেওঁকো মাৰধৰ কৰে উক্ত লোককেইজনে ৷
ইপিনে গাঁওবুঢ়াই বানাক্ৰান্ত পৰিয়ালটোক বান সাহায্য দিবলৈ কয় যদিও গাঁওবুঢ়াৰ নিৰ্দেশকো আওকাণ কৰি আঞ্চলিক পঞ্চায়ত সদস্য ৰাতুল আলীয়ে পৰি়য়ালটোক বান সাহায্য প্ৰদানত বাধা দিয়ে ৷
এগৰাকী পঞ্চায়ত জনপ্ৰতিনিধিৰ এনে কাৰ্যক লৈ অঞ্চলজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷
ঘটনা সম্পৰ্কে ভুক্তভোগী পৰিয়ালটোৱে সৰ্থেবাৰী ৰাজহ চক্ৰ বিষয়াক অভিযোগ দিছে ৷
পৰিয়ালটোৰ অভিযোগ- গাঁওবাসীয়ে এঘৰীয়া কৰাৰ বাবেই বান সাহায্য দিয়াতো বাদেই গাঁওখনৰ কোনো দোকানৰ পৰাও সামগ্ৰী ক্ৰয় কৰিব নোৱাৰে ৷
ফলত এবুকু বানত ডুবি থকা পৰিয়ালটোৱে নিশা এন্ধাৰত কটাবলগীয়া হোৱাৰ লগতে যোৱা তিনি দিন ধৰি চিৰা খায়েই পাৰ কৰিবলগীয়া হৈছে ৷ এইক্ষেত্ৰত পৰিয়ালটোৱে প্ৰশাসনৰ পৰা বিচাৰিছে ন্যায় ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|