হোজাই (Hojai)ত বুধবাৰে নিশা ১১ বজাৰ পৰা বৰ্তমানলৈকে বিদ্যুৎ কৰ্তন (Load Sheding)হৈ থকাত হাহাকাৰ লাগিছে হোজাইবাসীৰ মাজত। এই গেলা গৰমৰ মাজত প্ৰায় ২৪ ঘণ্টা বিদ্যুৎ অবিহনে হোজাইবাসীয়ে পাৰ কৰাৰ পিছতো এইমুহূৰ্তলৈ বিদ্যুৎ অহাৰ কোনো নিশ্চয়তা নথকাত সমস্যাত পৰিছে হোজাইবাসী।
বুধবাৰে নিশা ১১ বজাৰ পৰা কটা বিদ্যুৎ এতিয়ালৈকে শক্তি বিভাগে (power Depatment) যোগান ধৰিব নোৱাৰাত হোজাই চহৰৰ লগতে দাঁতি কাষৰীয়া অঞ্চল বোৰ অন্ধকাৰত বুৰ গৈছে। উল্লেখযোগ্য যে বুধবাৰে নিশা এখন এম্বুলেঞ্চে শংকৰদেৱ নগৰত ৩৩ কেভি বিদ্যুৎ পৰিবাহী খুটাত খুন্দা মৰাৰ বাবে বিদ্যুৎ কৰ্তন হৈ থকা বুলি হোজাই বিদ্যুৎ সংমণ্ডলৰ ফেচবুক পেজত উল্লেখ কৰি পোষ্ট কৰা দেখা গৈছে।
কিন্তু লক্ষণীয় বিষয় হৈছে যে শক্তি বিভাগে বিদ্যুৎ খুঁটা অথবা বিদ্যুৎ পৰিবাহী তাৰবোৰ মেৰামতি কৰি এই মুহূৰ্তলৈ বিদ্যুৎ যোগান ধৰিব নোৱাৰা কাৰ্যত ক্ষোভিত হৈ পৰিছে হোজাইবাসী। যি সময়ত বিদ্যুৎ বিভাগত সংস্কাৰৰ অনাৰ বাবে বিভাগীয় মন্ত্ৰীয়ে আপ্ৰাণ চেষ্টা কৰি আছে তেনে সময়তে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত সদায় চৰ্চাত থকা হোজাইত ৪৮ ঘণ্টা ধৰি বিদ্যুৎ কৰ্তন হৈ থকা ঘটনাই বিভাগটোত যে এতিয়াও বহু অকৰ্মণ্য লোক আছে সেই কথা ওলাই পৰিছে বুলি ৰাইজৰ মাজত চৰ্চা হৈছে ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|