অধিক বাঢ়িব বিদ্যুতৰ লুকা–ভাকু! ৭খন জিলাত লোডশ্বেডিঙে জ্বলাব ৰাইজক

নগাঁও, মৰিগাঁও, হোজাই, বিশ্বনাথ, শোণিতপুৰ, ওদালগুৰি আৰু দৰং জিলাত বাঢ়িব লোডশ্বেডিং।

News18-Assam
Updated:July 8, 2019, 4:00 PM IST
অধিক বাঢ়িব বিদ্যুতৰ লুকা–ভাকু! ৭খন জিলাত লোডশ্বেডিঙে জ্বলাব ৰাইজক
নগাঁও, মৰিগাঁও, হোজাই, বিশ্বনাথ, শোণিতপুৰ, ওদালগুৰি আৰু দৰং জিলাত বাঢ়িব লোডশ্বেডিং।
News18-Assam
Updated: July 8, 2019, 4:00 PM IST
হেমন্ত কুমাৰ নাথঃ বিদ্যুৎ কৰ্তনক লৈ অতিষ্ঠ অসমবাসীৰ বাবে আছে এটা দুঃখবৰ। বিদ্যুতৰ লুকা–ভাকু কমাৰ সলনি অতি কমেও ৭ খন জিলাত এতিয়াৰে পৰা বৃদ্ধি পাব বিদ্যুতৰ কৰ্তন৷ লোড শ্বেডিং পূৰ্বতকৈ বৃদ্ধি পাব নগাঁও, মৰিগাঁও, হোজাই, বিশ্বনাথ, শোণিতপুৰ, ওদালগুৰি আৰু দৰং জিলাত৷ জীয়াভৰলীৰ নৈৰ খহনীয়াত জাহ যোৱাৰ উপক্ৰম বহু সংখ্যক হাই ভল্টেজ বিদ্যুৎ পৰিবাহী টাৱাৰ৷ ফলত বিদ্যুৎ পৰিবহন সম্প্ৰতি কৰ্তন কৰা হৈছে৷ বিদ্যুৎ পৰিবহন কৰ্তনৰ ফলত প্ৰভাৱিত হ’ব APDCL৷ যাৰ বাবে গ্ৰাহকক যোগান ধৰিব নোৱাৰিব পৰ্যাপ্ত বিদ্যুৎ৷ তেজপুৰত News18 ক এই কথা জনাইছে AEGCL ৰ উপঃ মহাপ্ৰৱন্ধক জগত কাকতিয়ে৷

 
আৰু চাওক পৰৱৰ্তী বাতৰি