হিমন্ত বিশ্বলৈ এজাক কণমানিৰ চিঠি – ‘ছাৰ, আমাৰ বান্ধৱী মধুস্মিতাক আপুনি বচাওক’

বহুদিন ধৰি বিদ্যালয়লৈ আহিব পৰা নাই মধুস্মিতা। ব্যথিত মধুস্মিতাৰ কণমানি বন্ধু–বান্ধৱীসকল। ৰাংঢালী মধুস্মিতাৰ অভাৱ অনুভৱ কৰিছে কণমানি হৃদয়বোৰে। সকলোৱে বিচাৰিছে মধুস্মিতাই আকৌ খাব পৰা হ’ব, আকৌ বিদ্যালয়লৈ আহিব, সকলোৰে লগত হাঁহি–ধেমালি কৰিব। কিন্তু কেতিয়া সুস্থ হৈ উঠিব মধুস্মিতা...।

News18-Assam
Updated:October 31, 2019, 1:36 PM IST

Updated: October 31, 2019, 1:36 PM IST
হাওৰাঘাটৰ এগৰাকী কণমানি। নাম মধুস্মিতা হুকা। পখিলা খেদা বয়সতে মধুস্মিতা আক্ৰান্ত হৈছে এক জটিল ৰোগত। অসহ্য পেটৰ বিষত দিনে–নিশাই ছটফটাই থাকে কণমানিজনী। বহু চিকিৎসা কৰিও সুফল পোৱা নাই পৰিয়ালটোৱে। অনবৰতে মাতৃৰ কোলা নাইবা বিছনাত মধুস্মিতাই পাৰ কৰিছে এক যন্ত্ৰণাকাতৰ জীৱন।

শেহতীয়াকৈ GNRCত ভৰ্তি কৰোৱা হৈছিল যদিও কোনো সুফল নাপালে। তাৰ পিছতে ভৰ্তি কৰোৱাইছিল GMCHত। GMCHৰ চিকিৎসকে ১৮ ডিচেম্বৰত মধুস্মিতাৰ অস্ত্ৰোপচাৰৰ পৰামৰ্শ দিছে। কিন্তু তেতিয়ালৈ মধুস্মিতাই কিদৰে অপেক্ষা কৰিব তাক লৈ চিন্তিত পিতৃ–মাতৃ। অতি কষ্টৰে মধুস্মিতাই পাৰ কৰি প্ৰতিটো পল।

আৰ্থিকভাৱে অতি দুৰ্বল পৰিয়ালটো। কোনো ভাল হাস্পতাললৈ নি মধুস্মিতাৰ চিকিৎসাৰ কথা ভাবিবই নোৱাৰে পৰিয়ালটোৱে। অৰ্থৰ অভাৱত সেয়েহে ছটফটাই থকা সন্তানক কোলাত লৈ চকুপানী টুকি দিন পাৰ কৰিছে পৰিয়ালটোৱে।

বহুদিন ধৰি বিদ্যালয়লৈ আহিব পৰা নাই মধুস্মিতা। ব্যথিত মধুস্মিতাৰ কণমানি বন্ধু–বান্ধৱীসকল। ৰাংঢালী মধুস্মিতাৰ অভাৱ অনুভৱ কৰিছে কণমানি হৃদয়বোৰে। সকলোৱে বিচাৰিছে মধুস্মিতাই আকৌ খাব পৰা হ’ব, আকৌ বিদ্যালয়লৈ আহিব, সকলোৰে লগত হাঁহি–ধেমালি কৰিব। কিন্তু কেতিয়া সুস্থ হৈ উঠিব মধুস্মিতা...।

বান্ধৱী মধুস্মিতাক সুস্থ কৰি তুলিবলৈ আহ্বান জনাই স্বাস্থ্য মন্ত্ৰীলৈ পত্ৰ লিখিছে হাওৰাঘাটৰ শংকৰদেৱ বিদ্যা নিকেতনৰ এজাক কণমানিয়ে। দেৱতুল্য কণ কণ ছাত্ৰ–ছাত্ৰীসকলে হিমন্ত বিশ্ব শৰ্মালৈ লিখিছে –
‘প্ৰতি, মাননীয় স্বাস্থ্য মন্ত্ৰী মহোদয়, আমাৰ বান্ধৱী মধুস্মিতাক আপুনি বচাওক। – মুকুল শ্ৰেণীৰ ছাত্ৰ–ছাত্ৰী, শংকৰদেৱ বিদ্যা নিকেতন, হাওৰাঘাট।’

কণমানি ছাত্ৰ–ছাত্ৰীসকলৰ এই পত্ৰখন ডাকযোগে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে বিদ্যালয় কৰ্তৃপক্ষই। সকলোৱে আশা কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কণমানিজনীৰ চিকিৎসাৰ ব্যৱস্থা কৰিব।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি