• Home
  • »
  • News
  • »
  • assam
  • »
  • আকৌ ভাইৰেল অসমৰ কণমানি প্ৰজ্ঞা মেধা, ‘বড়ে অচ্ছে লগতে হ্যে’ গানেৰে খলকনি ছচিয়েল মিডিয়াত

আকৌ ভাইৰেল অসমৰ কণমানি প্ৰজ্ঞা মেধা, ‘বড়ে অচ্ছে লগতে হ্যে’ গানেৰে খলকনি ছচিয়েল মিডিয়াত

ভেলেণ্টাইন ডেৰ দিনা মাতৃৰ সৈতে ‘বড়ে অচ্ছে লগতে হ্যে’ শীৰ্ষত গীতটো গুণগুণাইছে কণমানিজনীয়ে।

ভেলেণ্টাইন ডেৰ দিনা মাতৃৰ সৈতে ‘বড়ে অচ্ছে লগতে হ্যে’ শীৰ্ষত গীতটো গুণগুণাইছে কণমানিজনীয়ে।

ভেলেণ্টাইন ডেৰ দিনা মাতৃৰ সৈতে ‘বড়ে অচ্ছে লগতে হ্যে’ শীৰ্ষত গীতটো গুণগুণাইছে কণমানিজনীয়ে।

  • Share this:
এটি কণমানি। কণমানিজনীৰ কণ্ঠই ইতিমধ্যে খলকনি তুলিবলৈ সক্ষম হৈছে ছচিয়েল মিডিয়াত। পূৰ্বে এই কণমানীজনীৰ বহু ভিডিঅ’ ভাইৰেল হৈছে। নাম প্ৰজ্ঞা মেধা সৰকাৰ। বলীউদৰ বহু ছুপাৰহিট গীত গাই মন মুহিবলৈ সক্ষম হৈছে কণমানি প্ৰজ্ঞাই। প্ৰায়ে মাতৃৰ সৈতে গীতৰ কলিত কণ্ঠদান কৰে প্ৰজ্ঞাই। অনন্য প্ৰতিভাৰ অধিকাৰী মেধাই ইয়াৰ পূৰ্বেও দেশৰ বিশিষ্ট গায়িকা লতা মংগেশকাৰৰ কালজয়ী গীত গাই সৰ্বত্ৰ লাভ কৰিছিল চৰ্চা।

শেহতীয়াকৈ প্ৰজ্ঞাৰ আন এটা ভিডিঅ’ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। ভেলেণ্টাইন ডেৰ দিনা মাতৃৰ সৈতে ‘বড়ে অচ্ছে লগতে হ্যে’ শীৰ্ষত গীতটো গুণগুণাইছে কণমানিজনীয়ে। কণমানিজনীৰ কণ্ঠ শুনিলে আচৰিত হ’ব আপুনি।



প্ৰজ্ঞাৰ এই ভিডিঅ’টো ৬ লাখ ৬০ হাজাৰৰো অধিক লাইকৰ লগতে ৪০ হাজাৰৰো অধিক শ্বেয়াৰ হৈছে। সকলোৱে প্ৰশংসাৰে ওপচাই পেলাইছে প্ৰজ্ঞা মেধা সৰকাৰক।
Published by:Sanjay Kumar Das
First published: