
অসম আৰক্ষীৰ বিষয়ে কি ক'লে কণমানি ছাত্ৰীগৰাকীয়ে
অসম আৰক্ষীৰ বিষয়ে কি ক'লে কণমানি ছাত্ৰীগৰাকীয়ে
উলুবাৰীৰ নিবাসী ৫ বছৰীয়া তাচমিন আহমেদ নামৰ এগৰাকী কনমানিয়ে খানাপাৰাত দৃষ্টি আকৰ্ষণ কৰিলে সকলোৰে ৷ সম্পূূৰ্ণ আৰক্ষীৰ পোছাক পৰিধান কৰি খানাপাৰাৰ গণৰাজ্য দিৱসৰ কাৰ্যসূচী চাবলৈ আহিল কণমানিজনী ৷
উলুবাৰীৰ আইডিয়েল ইংলিছ স্কুলৰ কেজিৰ ছাত্ৰী তাচমিন আহমেদ ৷ তাচমিনৰ আৰক্ষীৰ প্ৰতি আছে অগাধ সন্মান, শ্ৰদ্ধা ৷ ভৱিষ্যতে এগৰাকী সুদক্ষ আৰক্ষী বিষয়া হোৱাৰ সপোন দেখিছে তাচমিনে ৷ আৰক্ষী বিষয়া হৈ আইন-শৃখংলা নিয়ন্ত্ৰণ, দুষ্টক দমন কৰাৰ লক্ষ্য কণমানিগৰাকীৰ ৷ আৰক্ষীৰ পেৰেড পৰিদৰ্শন কৰিবলৈ সেয়ে সম্পূৰ্ণ আৰক্ষীৰ পোছাক পৰিধান কৰি ককাকৰ সৈতে খানাপাৰালৈ আহিল তাচমিন ৷
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|