• Home
  • »
  • News
  • »
  • assam
  • »
  • Lekhapani: তেঁতেলী টেঙাই যেন কাল হৈ পৰিল এগৰাকী ছয় বছৰীয়া কণমানিৰ, লেখাপানীত শোকৰ বন্যা

Lekhapani: তেঁতেলী টেঙাই যেন কাল হৈ পৰিল এগৰাকী ছয় বছৰীয়া কণমানিৰ, লেখাপানীত শোকৰ বন্যা

জীৱনৰ বেলাৰ পাতনি মেলিছিল মাথোঁ কণমানিজনীয়ে, কিন্তু তেঁতেলী টেঙাই যেন কাল হৈ পৰিল তাইৰ।

জীৱনৰ বেলাৰ পাতনি মেলিছিল মাথোঁ কণমানিজনীয়ে, কিন্তু তেঁতেলী টেঙাই যেন কাল হৈ পৰিল তাইৰ।

জীৱনৰ বেলাৰ পাতনি মেলিছিল মাথোঁ কণমানিজনীয়ে, কিন্তু তেঁতেলী টেঙাই যেন কাল হৈ পৰিল তাইৰ।

  • Share this:
তেঁতেলী টেঙাই যেন কাল হৈ পৰিল এগৰাকী ছয় বছৰীয়া কণমানিৰ।এগৰাকী ছয় বছৰীয়া কণমানি কন্যাৰ মৃত্যুত শোকৰ ছাঁ বিৰাজ কৰিছে তিনিচুকীয়া জিলাৰ লেখাপানীত।হঠাতে যেন মৰহি গ'ল এপাহ ফুলি থকা ফুল। জীৱনৰ বেলাৰ পাতনি মেলিছিল মাথোঁ কণমানিজনীয়ে, কিন্তু তেঁতেলী টেঙাই যেন কাল হৈ পৰিল তাইৰ।

হয় অতি কৰুণ দুৰ্ঘটনাই সকলোকে কন্দুৱায়, শোকৰ ছাঁ বিৰাজ কৰিছে এতিয়া তিনিচুকীয়া জিলাৰ লেখাপানী অঞ্চলত।  তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত টিৰাপ ৰাজ্যিক চিকিৎসালয়ৰ সমীপত আজি এক ভয়ংকৰ শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়।এগৰাকী ৬ বছৰীয়া কন্যাক প্ৰচণ্ড জোৰেৰে মহটিয়াই নিয়ে এখন ট্ৰাকে, যাৰ ফলত কন্যা শিশুগৰাকী থিতাতে নিহত হয় ( little girl was died in accident)।

মাৰ্ঘেৰিটাৰ দিশৰ পৰা জাগুণ অভিমুখে আহি থকা তীব্র বেগী পাঞ্জাৱ বোডী গাড়ীয়ে খুন্দিয়াই কণমানি ছোৱালীগৰাকীক। গাড়ীখনৰ গৰাকীৰ নাম নিৰ্মল আগৰৱালা বুলি ইতিমধ্যে জানিব পৰা গৈছে। কন্যা শিশুগৰাকীৰ ঘৰ লেখাপানীৰ (Lekhapani) ২ নং টিৰাপৰ গোমা মন্দিৰৰ সমীপত বুলি জানিব পৰা গৈছে। শিশুটিয়ে তেঁতেলী টেঙা আনিবলৈ গৈ হাতত টেঙা লৈ উভতি আহি থকাৰ সময়তে এই কৰুণ দুৰ্ঘটনাটো সংঘটিত হৈ যায়।

ঘটনা সংঘটিত কৰা লগে লগে উক্ত স্থানত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈ যদিও লেখাপানী আৰক্ষী প্ৰশাসন উক্ত স্থানত উপস্থিত হোৱাত পৰিস্থিতিৰ কিছু শাম কাটে।ইতিমধ্যে আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখন জব্দ কৰি লেখাপানীৰ আৰক্ষী থানালৈ লৈ আনে। কিন্তু কণমানিজনীৰ মৃত্যুক লৈ এতিয়া স্থানীয় ৰাইজৰ মাজত চেপা উত্তেজনাই বিৰাজ কৰি আছে অঞ্চলটোত। আৰু কিমান এনেদৰে ট্ৰাক আৰু ডাম্পাৰ চালকৰ দৌৰাত্ম্যত কিমানে এনেদৰে মৃত্যুক আঁকোৱালি ল'ব?
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি