হাঁহি ঘূৰি আহিছে হাওৰাঘাটৰ মধুস্মিতাৰ মুখলৈ, NEWS18ৰ পদক্ষেপৰ শলাগ ল’লে পিতৃ–মাতৃয়ে

News18 Assam | News18-Assam
Updated:December 2, 2019, 11:19 AM IST
হাঁহি ঘূৰি আহিছে হাওৰাঘাটৰ মধুস্মিতাৰ মুখলৈ, NEWS18ৰ পদক্ষেপৰ শলাগ ল’লে পিতৃ–মাতৃয়ে
কণমানি মধুস্মিতাক সুস্থ কৰি তোলাৰ ক্ষেত্ৰত NEWS18–এ লোৱা পদক্ষেপৰ শলাগ ল’লে পিতৃ–মাতৃয়ে।

কণমানি মধুস্মিতাক সুস্থ কৰি তোলাৰ ক্ষেত্ৰত NEWS18–এ লোৱা পদক্ষেপৰ শলাগ ল’লে পিতৃ–মাতৃয়ে।

  • Share this:
হাওৰাঘাটৰ কণমানি মধুস্মিতাক মনত আছেনে? পেটৰ জটিল ৰোগত আক্ৰান্ত হৈ যন্ত্ৰণাকাতৰ জীৱন অতিবাহিত কৰা পাঁচ বছৰীয়া কণমানি মধুস্মিতা এতিয়া সুস্থ। ধনৰ অভাৱত উপযুক্ত চিকিৎসা লাভৰ পৰা বঞ্চিত হৈ বিছনাত ছটফটাই থকা মধুস্মিতাৰ মুখত এতিয়া জিলিকিছে হাঁহি। সকলো সময়তে যন্ত্ৰণাত আৰ্তনাদ কৰি থকা মধুস্মিতাই এতিয়া সমনীয়াৰ সৈতে আগৰ দৰেই খেলিছে।

আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৰ কণমানিজনীৰ কৰুণ কাহিনী NEWS18–এ সবিস্তাৰে সম্প্ৰচাৰ কৰিছিল ৩১ অক্টোবৰত। কণমানিজনীৰ মুখলৈ হাঁহি ঘূৰাই আনিবলৈ এক প্ৰচেষ্টা হাতত লৈছিল একমাত্ৰ NEWS18–এ। NEWS18ৰ বাতৰিৰ পিছতে কণমানিজনীক সহায় কৰিবলৈ আগবাঢ়ি আহিছিল বিভিন্নজন।



কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ লগতে স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য খনছিং ৰংপিও আগবাঢ়ি আহিল মধুস্মিতাক সহায়ৰ বাবে। বোকাজানৰ নোমল মোমিনেও দেখুৱাইছিল মহানুভৱতা৷ লগতে সঁহাৰি জনালে আন বহুজন হৃদয়বান লোকে। সকলোৰে সঁহাৰি লাভ কৰাৰ পিছত মধুস্মিতাক ভৰ্তি কৰোৱা হৈছিল GMCHত৷



কণমানিজনীক সুস্থ কৰি তোলাৰ ক্ষেত্ৰত GMCH কৰ্তৃপক্ষয়ো ল’লে গুৰুত্বপূৰ্ণ ভূমিকা৷ প্ৰায় এমাহ GMCHত চিকিৎসাধীন হোৱাৰ পিছত এতিয়া সম্পূৰ্ণ সুস্থ হাওৰাঘাটৰ শংকৰদেৱ বিদ্যা নিকেতনৰ মুকুল শ্ৰেণীৰ ছাত্ৰী মধুস্মিতা হুকাই। মধুস্মিতাই এতিয়া খেলিবলৈ লৈছে৷ কৰুণ আৰ্তনাদৰ বিপৰীতে মুখত মিঠা হাঁহি৷ মধুস্মিতাই আকৌ খাইছে, শুইছে আগৰ দৰেই৷ মধুস্মিতাৰ এই নতুন জীৱনক লৈ আনন্দিত পিতৃ-মাতৃও।



কণমানি মধুস্মিতাক সুস্থ কৰি তোলাৰ ক্ষেত্ৰত NEWS18–এ লোৱা পদক্ষেপৰ শলাগ ল’লে পিতৃ–মাতৃয়ে। কৃতজ্ঞতা জনালে মধুস্মিতাক পৰোক্ষ বা প্ৰত্যক্ষভাৱে সহায় কৰা প্ৰতিগৰাকী হৃদয়ৱান লোকক৷ আমিও কামনা কৰিছো কণমানি মধুস্মিতাৰ এটা সুন্দৰ আৰু সফল জীৱন৷

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি