কোৰোণা ভাইৰাছে সমগ্ৰ বিশ্বৰ মানৱ জাতিলৈ নমাই আনিছে অশনি সংকেত। ভাৰতবৰ্ষৰ লগতে অসমতো এতিয়া কোৰোণাই আতংকৰ সৃষ্টি কৰিছে। কোৰোণা ভাইৰাছ প্ৰতিহত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰসমূহে গ্ৰহণ কৰিছে প্ৰয়োজনীয় পদক্ষেপ। বিভিন্ন লোকে এই যুঁজখনলৈ আগবঢ়াইছে সহায়ৰ হাত।
এনে সময়তে মানৱতাৰ এক অনন্য উদাহৰণ দাঙি ধৰিলে এজনী কণমানিয়ে। মৰিয়নীৰ চেলেংহাট বৰনগঞা গাঁৱ নিবাসী তথা আমগুৰি কিষ্টুৰ চন্দ আগৰৱালা নগৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰী ঐশ্বন্যা গগৈয়ে মুখ্যমন্ত্ৰীৰ সাহায্য নিধিলৈ আগবঢ়ালে মুঠ ২০১০ টকা।
এইবাৰ ব’হাগ বিহুৰ সময়তে এখন চাইকেল কিনিবলৈ পিগি বেংক (piggy bank)ত এটকা দুটকাকৈ সঞ্চয় কৰিছিল কণমানিজনীয়ে। কিন্তু কোৰোণাৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে কণমানিজনীয়ে গোটাৱা টকা আগবঢ়ালে মুখ্যমন্ত্ৰীৰ সাহায্য নিধিলৈ। বুধবাৰে আমগুৰি ৰাজহ চক্ৰ বিষয়া ৰিতুৰাজ বৰদলৈৰ হাতত কণমানি ঐশ্বন্যাই এই ধন ৰাশি মানব কল্যানৰ বাবে প্ৰদান কৰে। ঐশ্বন্যাৰ পিতৃ জ্যোতিপ্ৰসাদ গগৈ, যোৰহাট জিলাৰ চেলেংহাট নিবাসী আৰু দৈনিক জনমভূমি আৰু নিউজ ১৮ অসম নৰ্থ ইষ্টৰ সাংবাদিক। মাতৃ মুন সোণোৱাল গগৈ আমগুৰি সামুহিক চিকিৎসালয়ৰ চিকিৎসা কৰ্মী। কণমানিজনীৰ এই মহানুভৱতাক এতিয়া সকলোৱে শলাগ লৈছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|