কেনে আছে শিৱাংগিনী? AIIMSৰ বিচনাত শিৱাংগিনীয়ে দেখিছে খেলো ইণ্ডিয়াৰ সপোন

News18 Assam | News18-Assam
Updated:January 11, 2020, 3:42 PM IST
কেনে আছে শিৱাংগিনী? AIIMSৰ বিচনাত শিৱাংগিনীয়ে দেখিছে খেলো ইণ্ডিয়াৰ সপোন
ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ হাস্পতালত কাঁড় উলিয়াব নোৱাৰাত শিৱাংগিনীক স্থানান্তৰ কৰা হৈছিল দিল্লীৰ AIIMSলৈ।

ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ হাস্পতালত কাঁড় উলিয়াব নোৱাৰাত শিৱাংগিনীক স্থানান্তৰ কৰা হৈছিল দিল্লীৰ AIIMSলৈ।

  • Share this:
খেলো ইণ্ডিয়া য়ুথ গেমছত অংশগ্ৰহণৰ উদ্দেশ্যে চাবুৱাত চলিছিল আৰ্চাৰীৰ অনুশীলন। অনুশীলনৰ সময়তে শৰবিদ্ধ হৈছিল চাবুৱাৰ শিৱাংগিনী গোহাঁই নামৰ কিশোৰীগৰাকী। আন খেলুৱৈয়ে মৰা কাঁড় আহি লাগিছিল শিৱাংগিনীৰ কান্ধত। ৰাজহাড় পৰ্যন্ত চুইছিলগৈ কাঁড়ডালে।

ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ হাস্পতালত কাঁড় উলিয়াব নোৱাৰাত শিৱাংগিনীক স্থানান্তৰ কৰা হৈছিল দিল্লীৰ AIIMSলৈ। দিল্লীত সুকলমে সম্পন্ন হৈছে শিৱাংগিনীৰ অস্ত্ৰোপচাৰ। কান্ধৰ পৰা উলিওৱা হৈছে কাঁড়ডাল। বৰ্তমান বিপদমুক্ত যদিও কিছুদিন হাস্পতালতে থাকিব লাগিব শিৱাংগিনী। হাটখোলা গাঁৱৰ বিৰিঞ্চি গোহাঁইৰ কন্যা শিৱাংগিনী।
NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
First published: January 11, 2020, 3:42 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading