কণমানি জনীৰ নাম আধ্যা চেতিয়া। ঘৰ শিৱসাগৰ বেতবাৰী মৌজাত। বয়স মাত্ৰ ২ বছৰ ছয় মাহ। অতি দুখৰ বিষয় যে, এই বয়সতেই নিষ্ঠুৰ নিয়তিয়ে বাৰুকৈয়ে পৰীক্ষা লৈছে অপূৰ্ব চেতিয়াৰ কন্যা আধ্যাৰ। চেন্নাইত চিকিৎসালয়ৰ ICUত বৰ্তমান জীৱন মৃত্যুৰে যুঁজি আছে এই পৃথিৱীৰ আও-ভাও বুজি নোপোৱা কণমানি আধ্যা চেতিয়াই।
আঢ়ৈ বছৰ বয়সত ভৰি দিয়া আধ্যা চেতিয়াই যোৱা এবছৰে যুঁজ দিব লগীয়া হৈছে মাৰাত্মক কৰ্কট ৰোগৰ বিৰুদ্ধে। জন্মৰ ১৭ মাহতেই আধ্যাৰ শৰীৰত থিতাপি লৈছিলহি কৰ্কট (Cancer) ৰোগে ।থুনুক থানাক কৈ খোজ কাঢ়িব পৰা হোৱা বয়সতেই আধ্যাৰ শৰীৰত ধৰা পৰে Malignant Tumor ।
শুকুৰবাৰে শিৱসাগৰ বেতবাৰীৰ আধ্যা চেতিয়া নামৰ এগৰাকী আঢ়ৈ বছৰীয়া কনমানি কৰ্কট ৰোগত আক্ৰান্ত হৈ চেন্নাইত চিকিৎসাধীন হৈ থকা সন্দৰ্ভত NEWS18 ত বাতৰি পৰিৱেশন কৰাৰ পিছতে বিভিন্ন জনে সহায় কৰিবলৈ আগবাঢ়ি আহিছে ।
News18ৰ বাতৰিৰ পিছতে " বিভা হিমাংশু মেম'ৰিয়েল ট্ৰাষ্ট"ৰ সঞ্জয় গোস্বামী আৰু নন্দিতা শৰ্মা গোস্বামীয়ে আধ্যাৰ চিকিৎসাৰ বাবে এক লাখ টকাৰ সাহায্য আগবঢ়াইছে। ইয়াৰ উপৰিও অসমৰ ভিন্ন প্ৰান্তৰ কেইবাগৰাকী ব্যক্তিয়ে কনমানি জনীৰ চিকিৎসাৰ ক্ষেত্ৰত সহায় কৰিব বুলি আশ্বাস দিছে।
আনহাতে বিপদৰ সময়ত সহায়ৰ হাত আগবঢ়োৱা সঞ্জয় গোস্বামী, নন্দিতা গোস্বামীকে ধৰি সকলোৰে প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে আধ্যাৰ পিতৃ অপূৰ্ব চেতিয়া,মাতৃ মুনমী চেতিয়াই।
চেন্নাইত চিকিৎসাধীন হৈ থকা আধ্যাৰ চিকিৎসাৰ বাবে প্ৰায় ১৫ লাখ টকাৰ প্ৰয়োজন। এই ধন খৰচ কৰিবলৈ অপাৰগ অধ্যাৰ পিতৃ মাতৃয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে সদায়শ লোক সকলৰ পৰা সাহায্য বিচাৰি কাতৰ আহ্বান জনাইছে।
আপুনিও আধ্যাৰ চিকিৎসাৰৰ বাবে সহায়ৰ হাত আগবঢ়াব পাৰেঃ
তেওঁলোকৰ বেংক একাউন্ট নম্বৰ তথা
UPI id / google pay নম্বৰ তলত উল্লেখ কৰা হ'লঃ
- UPI: 7002532731@upiGoogle pay: munapu.cbhw@oksbi
- Account no:520111123463323
- Account holder name: Apurba Chetia
- IFSC CODE:UBIN0913537
- UNION BANK OF INDIA,DIBRUGARH BRANCH
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|