আকৌ ৰাজ্যত হ'ব উপ–নিৰ্বাচন! কোন কোন সমষ্টিত হ'ব উপ–নিৰ্বাচন? এই প্ৰশ্নৰ উত্তৰ সোমবাৰে দিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ ড° শৰ্মাই ক'লে- “লিষ্টখনতো দীঘলীয়া হ'ব৷ মোৰ ঘৰত ৰাতি আহিলেই সকলো গম পাব ৷”
পিছে উপ–নিৰ্বাচন পাতিয়েই থাকিবনে কি অসমত? উত্তৰ দি মুখ্যমন্ত্ৰীয়ে ক'লে- “ফেব্ৰুৱাৰীত হ'ব পৌৰসভাৰ নিৰ্বাচন ৷ তাৰ মাজতে হৈ যাব পাৰে দুই-একত উপ–নিৰ্বাচন৷ পাতিম বুলি ভাবিলে ১৫টা মানত পাতিব পাৰি ৷ মই সেয়া বিচৰা নাই ৷ নহ'লে মোৰ কাম নহ'ব ৷ উপ–নিৰ্বাচন হৈ থাকিলে মই এমাহ আকৌ প্ৰচাৰত লাগি থাকিব লাগিব ৷”
পুনৰ ৰাজ্যত উপ–নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক লৈ সৰৱ হৈ উঠিল বিৰোধী কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে' পুৰকায়স্থ ৷ কমলাক্ষই ক'লে- “মুখ্যমন্ত্ৰীয়ে ৰাইজৰ কাম কৰক ৷ উপ নিৰ্বাচন হৈ থাকিব বুলি কৈ থাকিব লাগে নেকি? বহু চেষ্টা কৰি মুখ্যমন্ত্ৰী হৈছে তেওঁ ৷ এতিয়া মূল্যবৃদ্ধি ৰোধ কৰক, নিবনুৱা সমস্যা সমাধান কৰক৷ ৰাজ্যৰ উন্নয়ন সাধন কৰক ৷ কি উপ–নিৰ্বাচন উপ–নিৰ্বাচন কৰি থাকিব লাগে ৷”
উপ–নিৰ্বাচন হ'বলৈ হ'লে বিৰোধী কংগ্ৰেছৰ পৰা বিধায়কে দল এৰি BJPত যোগ দিব লাগিব৷ এতিয়া কথা হ'ল- কোন কংগ্ৰেছী বিধায়কে যোগ দিব BJPত? এই প্ৰসংগত কমলাক্ষ দে' পুৰকায়স্থই ক'লে- “মোৰ নামো ওলাই আছিল ৷ আপোনালোকৰ TVত বাতৰি হৈছিল ৷ কিন্তু মই গ'লোঁ নেকি? মোৰ বিশ্বাস, এতিয়া আৰু আমাৰ কোনো বিধায়ক BJPলৈ নাযায় ৷ আমি একত্ৰিত এতিয়া ৷”
এনেদৰে ক'লেও প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে' পুৰকায়স্থই অৱশ্যে ক'লে- “ক্ষমতালোভী নেতা থাকেই, যি ক্ষমতাৰ পিছত দৌৰে, যিয়ে ক্ষমতাত থকা BJPলৈ যাবলৈ বিচাৰে ৷”
পিছে কংগ্ৰেছত কোন কোন বিধায়ক ক্ষমতালোভী? News18ৰ প্ৰশ্নৰ উত্তৰত কমলাক্ষ দে' পুৰকায়স্থই ক'লে- “কাৰো নাম আমি পোনপটীয়াকৈ ক'ব বিচৰা নাই ৷ কিন্তু ক্ষমতালোভীসকলক আমি চিনিছোঁ ৷”
মুঠতে ৰাজ্যত দ্বিতীয়টো উপ–নিৰ্বাচন অনুষ্ঠিত কৰাক লৈ সম্প্ৰতি আৰম্ভ হৈ গৈছে এতিয়া নতুন ৰাজনৈতিক অংক ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|