মুখ্যপৃষ্ঠা »খবৰ »অসম »HAILAKANDI : হাইলাকান্দিৰ সংৰক্ষিত বনাঞ্চলত চৰকাৰী সুৰাৰ বিপণী, বন্ধ কৰাৰ দাবী দল-সংগঠনৰ

HAILAKANDI : হাইলাকান্দিৰ সংৰক্ষিত বনাঞ্চলত চৰকাৰী সুৰাৰ বিপণী, বন্ধ কৰাৰ দাবী দল-সংগঠনৰ

হাইলাকান্দি জিলা প্ৰশাসনৰ দ্বাৰস্থ হৈছে জিলা ছাত্ৰ সন্থা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ

হাইলাকান্দি জিলা প্ৰশাসনৰ দ্বাৰস্থ হৈছে জিলা ছাত্ৰ সন্থা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ

  • Share this:

সংৰক্ষিত বনাঞ্চলৰ ভিতৰত সুৰাৰ বিপণী। শুনিবলৈ আচৰিত লাগিলেও হাইলাকান্দি জিলাৰ সংৰক্ষিত বনাঞ্চল এলেকাত গঢ়ি উঠিছে এটা চৰকাৰৰ দ্বাৰা অনুমোদিত বিদেশী সুৰাৰ বিপণী। দক্ষিণ হাইলাকান্দিৰ অসম-মিজোৰাম সীমান্তৰ ঘাৰমুৰা সংৰক্ষিত বনাঞ্চলৰ লালছেৰা অঞ্চলত যোৱা কেইমাহমান আগতে স্থানান্তৰিত কৰা হৈছে ডিকেবি ৱাইন শ্বপ নামৰ এই সুৰাৰ দোকানখন।


ইয়াৰ আগতে যোৱা ২০১২ চনৰ পৰা দোকানখন ঘাৰমুৰা এলেকাত আছিল। সেইখন ঠায়ো আকৌ সংৰক্ষিত বনাঞ্চল এলেকাভুক্ত। ৰাইজৰ প্ৰশ্ন সংৰক্ষিত বনাঞ্চল এলেকাত এটা পথ বা দলং নিৰ্মাণ কৰিবলৈ য'ত অনুজ্ঞাৰ প্ৰয়োজন হয়, তাত এখন সুৰাৰ বিপণী কেনেকৈ স্থাপন হ'ল? সংৰক্ষিত বনাঞ্চলত বসবাস কৰাৰ বাবে হাজাৰ হাজাৰ পৰিয়ালক উচ্ছেদ কৰা হয়, তাত আকৌ সুৰা বিক্ৰী কৰাৰ বাবে কিয় এই অনুমতি?


এই প্ৰশ্ন উত্থাপন কৰি ইতিমধ্যে হাইলাকান্দি জিলা প্ৰশাসনৰ দ্বাৰস্থ হৈছে জিলা ছাত্ৰ সন্থা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ আদিকে ধৰি বিভিন্ন দল-সংগঠন। তেওঁলোকে অতি সোনকালে নিৰপেক্ষ তদন্ত কৰি সুৰাৰ দোকানখন বন্ধ কৰাৰ লগতে নিয়ম বহিৰ্ভূতভাৱে অনুজ্ঞা প্ৰদানকাৰীসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ দাবী উত্থাপন কৰিছে। উল্লেখ্য, ৰাজনৈতিক ক্ষমতাৰ বলতে সংৰক্ষিত বনাঞ্চলত বিপণীখন চলাইছে বুলিও অভিযোগ উত্থাপিত হৈছে।

শেহতীয়া বাতৰি