• Home
  • »
  • News
  • »
  • assam
  • »
  • অচিৰেই জীৱনৰ গতিপথ সলনি হ'ব যোৰহাটৰ কণমানি পাপুলিহঁতৰ, আগবাঢ়ি আহিল এইসকল হৃদয়ৱান লোক

অচিৰেই জীৱনৰ গতিপথ সলনি হ'ব যোৰহাটৰ কণমানি পাপুলিহঁতৰ, আগবাঢ়ি আহিল এইসকল হৃদয়ৱান লোক

বছৰ বছৰ ধৰি নোহোৱাকৈ থকা কাম এটা বাতৰিৰ পিছত সম্পূৰ্ণ হৈ উঠিল দুদিনতে।

বছৰ বছৰ ধৰি নোহোৱাকৈ থকা কাম এটা বাতৰিৰ পিছত সম্পূৰ্ণ হৈ উঠিল দুদিনতে।

বছৰ বছৰ ধৰি নোহোৱাকৈ থকা কাম এটা বাতৰিৰ পিছত সম্পূৰ্ণ হৈ উঠিল দুদিনতে।

  • Share this:

যোৰহাটৰ পিতৃ-মাতৃহীন কণমানি শিশুকেইটাৰ হৃদয়বিদাৰক কাহিনী News18 অসম নৰ্থইষ্টত প্ৰকাশ পোৱাৰ পিছত শিশুকেইটিক সহায় কৰিবলৈ আগবাঢ়ি আহিছে বহু হৃদয়বান লোক । শিশুকেইটিলৈ আগবঢ়াইছে বহু সহায়। হয়টো কণমানিকেইটাৰ জীৱনৰ গতি অচিৰেই সলনি হ'ব ।


প্ৰাক্তন মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মৰ পৰা আৰম্ভ কৰি কেইবাগৰাকী হৃদয়ৱান লোকে শিশুকেইটিৰ দায়িত্ব ল'ব বিচাৰিছে। আনহাতে অসমৰ বিভিন্ন প্ৰান্তৰ বহু হৃদয়ৱান লোকে ইচ্ছা প্ৰকাশ কৰিছে শিশুকেইটিৰ দায়িত্ব ল'বলৈ। আনহাতে বহু লোকে শিশুকেইটিয়ে যাতে সুন্দৰকৈ জীৱন যাপন কৰিব পাৰে, তাৰ বাবে বিভিন্ন সামগ্ৰী তথা আৰ্থিকভাৱে সহায় আগবঢ়াইছে ।


বুধবাৰে যোৰহাট জিলা পৰিষদৰ বিষয়া গৌৰৱ বৰা আৰু তেওঁৰ একাংশ বন্ধুৱে কণমানিকেইটাৰ প্ৰয়োজনীয় বিছনা, আলমাৰিকে ধৰি বহুখিনি সামগ্ৰী প্ৰদান কৰে । আনহাতে যোৰহাটৰ মাৰোৱাৰী সমাজৰ একাংশ লোকে শিশুকেইটিৰ ভৰণ-পোষণৰ সকলো দায়িত্ব ল'বলৈ আগ্ৰহী বুলি জানিবলৈ দিছে বিশিষ্ট ব্যৱসায়ী দিলীপ আগৰৱালাই।


আনহাতে পিতৃ-মাতৃহাৰা  কণমানিকেইটাৰ বাসগৃহত যোৰহাট জিলা পৰিষদৰ দ্বাৰা এদিনৰ ভিতৰতে খোৱাপানীৰ ব্যৱস্থা কৰা হয়। লগতে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে কণমানিকেইটিক বিভাগৰ  NFBS আঁচনিৰ অধীনত ২৫,০০০ টকাৰ এককালীন সাহায্য আগবঢ়োৱাৰ লগতে ভৱিষ্যতে সকলো ধৰণৰ সহায়ৰ হাত আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে।


আনহাতে মুখ্য কাৰ্যবাহী বিষয়াগৰাকীৰ প্ৰচেষ্টাত কণমানিকেইটাৰ মাজু পুত্ৰ মৃন্ময় বৰাৰ নামত এটা বেংক একাউণ্ট ইতিমধ্যে খোলা হৈছে। কণমানিকেইটাক সহায় কৰিবলৈ বিচাৰি থকা লোকসকলে এতিয়াৰে পৰা এই একাউণ্টৰ জৰিয়তে পোনপটীয়াকৈ আৰ্থিক সাহায্য আগবঢ়াব পাৰিব । বেংক একাউন্টৰ সবিশেষ তলত দিয়া হ'ল–
Name: Mrinmoy Bora
Bank: Assam Gramin Vikash Bank
Branch: Charaibahi
IFSC: PUNB0RRBAGB
A/C : 7199010049249


একেদৰে গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ বহু হৃদয়ৱান লোকে আগ্ৰহ প্ৰকাশ কৰিছে কণমানিকেইটিক সহায় কৰিবলৈ। কিন্তু এয়া মাথোঁ এক উদাহৰণহে। এনে আৰু বহু পাপুলি অসমৰ চুকে–কোণে আছে, যি পখিলা খেদি ফুৰাৰ বয়সত জীয়াই থাকিবলৈ কৰিব লগা হৈছে কঠোৰ সংগ্ৰাম । চৰকাৰৰ আঁচনিসমূহে ঢুকি নাপায় এইসমূহ পৰিয়ালক। এনে ধৰণৰ শিশু তথা পৰিয়ালসমূহলৈ উচিত সহায় আগবঢ়োৱাৰ বাবে চৰকাৰৰ বাস্তৱসন্মত পৰিকল্পনা থকাটো অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে । আনহাতে পাপুলিহঁতলৈ আহিছে আৰু এটা ভাল খবৰ। সেয়া আমাৰ পৰৱৰ্তী প্ৰতিবেদনত প্ৰকাশ কৰিম ।

Published by:Gautam Barman
First published: