এটা কণীৰ বাবে মহিলাক জ্বলাই হত্যা, ২ মহিলাসহ তিনি হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড

তিনি হত্যাকাৰীয়ে সামান্য এটা কণীৰ বাবে ৰুবী পণ্ডিত নামৰ এঘৰাকী মহিলাক কেৰাচিন ঢালি জ্বলাই অতি নৃশংসভাৱে হত্যা কৰিছিল।

News18-Assam
Updated:June 12, 2019, 3:42 PM IST
এটা কণীৰ বাবে মহিলাক জ্বলাই হত্যা, ২ মহিলাসহ তিনি হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড
তিনি হত্যাকাৰীয়ে সামান্য এটা কণীৰ বাবে ৰুবী পণ্ডিত নামৰ এঘৰাকী মহিলাক কেৰাচিন ঢালি জ্বলাই অতি নৃশংসভাৱে হত্যা কৰিছিল।
News18-Assam
Updated: June 12, 2019, 3:42 PM IST
হোজাইৰ শংকৰদেৱ নগৰ জিলা ও সত্ৰ ন্যায়াধীশৰ আদালতে আজি প্ৰদান কৰিছে এক গুৰুত্বপূৰ্ণ ৰায়। ২০১৪ চনত ৰাধানগৰ গাঁৱত সংঘটিত এক হত্যাকাণ্ডৰ গোচৰৰ ৰায়দান কৰি তিনি হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে আদালতে। যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হ’ল শ্যামলী বিশ্বাস, মণি মজুমদাৰ আৰু মোহন বিশ্বাস। আটাইকে ২০ হাজাৰ টকাকৈ জৰিমনাও বিহে আদালতে। তিনি হত্যাকাৰীয়ে সামান্য এটা কণীৰ বাবে ৰুবী পণ্ডিত নামৰ এঘৰাকী মহিলাক কেৰাচিন ঢালি জ্বলাই অতি নৃশংসভাৱে হত্যা কৰিছিল। ঘটনা সন্দৰ্ভত মৃত মহিলাগৰাকীৰ স্বামী পীয়ুষ পণ্ডিতে দাখিল কৰিছিল এজাহাৰ। ভাৰতীয় দণ্ডবিধিৰ 448/302/34 ধাৰাত ৰুজু হৈছিল 450/14 নম্বৰৰ গোচৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি