কল্পনা নেৱাৰ। জীৱন সংগ্ৰামৰ আন এক সাহসী সেনানী। ই-ৰিক্সা চলাই পৰিয়ালক ভৰণ - পােষণ দি আহিছে এইগৰাকী সাহসী মহিলাই।
কল্পনা নেৱাৰ। জীৱন সংগ্ৰামৰ আন এক সাহসী সেনানী। ই-ৰিক্সা চলাই পৰিয়ালক ভৰণ - পােষণ দি আহিছে এইগৰাকী সাহসী মহিলাই।
কৰ্মই হৈছে প্ৰকৃত ধৰ্ম। এই কথা প্ৰতিপন্ন কৰিলে সোণাৰিৰ এগৰাকী মহিলাই। ই-ৰিক্সা চলাই নিজৰ দিব্যাংগ স্বামী আৰু সন্তানক পোহপাল দিছে সোণাৰিৰ এগৰাকী মহিলাই।
কল্পনা নেৱাৰ। জীৱন সংগ্ৰামৰ আন এক সাহসী সেনানী। ই-ৰিক্সা চলাই পৰিয়ালক ভৰণ - পােষণ দি আহিছে এইগৰাকী সাহসী মহিলাই। চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰৰ পৰা কিছু নিলগত থকা আইদেউহাবি গাঁৱৰ শিক্ষিত মহিলা কল্পনা নেৱাৰে ই-ৰিক্সা চলাই নিজৰ দিব্যাংগ স্বামী আৰু দহ বছৰীয়া বিশেষভাৱে সক্ষম কন্যাকে ধৰি আন এগৰাকী বাৰ বছৰীয়া কন্যাসহ চাৰিজনীয়া পৰিয়ালটোৰ ভাত–কাপোৰ মােকলাইছে।
উল্লেখযোগ্য যে কল্পনাৰ স্বামী মহেশ নেৱাৰ জন্মগতভাৱে দিব্যাংগ হােৱাত পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী কল্পনাই সৰু–সুৰা ব্যৱসায় কৰি পৰিয়ালটো পোহপাল দি আহিছিল। কিন্তু কোৰোণাৰ ফলত পৰিয়ালটো জীয়াই থকাৰ একমাত্র সম্বল সেই ক্ষুদ্র ব্যৱসায়ো বন্ধ হৈ পৰে। এনে পৰিস্থিতিত দাৰিদ্র সীমাৰেখাৰ তলৰ পৰিয়ালটোৰ মহিলা কল্পনাই চলিত বৰ্ষত বেংকৰ পৰা ঋণ লৈ ক্ৰয় কৰিছিল এখন ই-ৰিক্সা। নাম দিলে 'বিপদৰ বন্ধু'।
এই ই-ৰিক্সাখনকে সাৰােগত কৰি কল্পনাই আৰম্ভ কৰে সংগ্রামী জীৱনৰ অন্য এক আখৰা। প্রকৃততে ৰাতি পুৱালেই কল্পনাৰ আরম্ভ হয় সংগ্ৰাম। তেওঁ বসবাস কৰা অঞ্চলটোৰ লগতে সোণাৰি নগৰতো ই-ৰিক্সা চলাই কল্পনাই দুপইচা উপার্জন কৰি আহিছে। ক’বলৈ গ'লে জীৱন ধুমুহাৰ মুখামুখি হৈ এগৰাকী সাহসী সৈনিক হিচাবে পৰিগণিত হৈ পৰিছে দুটা সন্তানৰ মাতৃ কল্পনা।
কোভিড পৰিস্থিতিৰ বাবে এতিয়া ই-ৰিক্সা চলাই পৰিয়ালক পােহপাল দিয়াত যথেষ্ট প্রত্যাহ্বানৰ সন্মুখীন হৈছে কল্পনা। নির্ধাৰিত সময়ত চৰকাৰে বান্ধি দিয়া সীমিত যাত্রী কঢ়িয়াই পােৱা যৎসামান্য ভাড়াৰে তেওঁৰ দিন হাজিৰাটোও নােলায়গৈ। ইপিনে, চৰকাৰৰ বিভিন্ন আঁচনিৰ পৰাও বঞ্চিত কল্পনাৰ পৰিয়ালটো। তেওঁৰ পৰিয়ালটোৱে আজিকোপতি পাবলৈ সক্ষম হােৱা নাই এটা চৰকাৰী ঘৰ। এইক্ষেত্ৰত বিভাগীয় কর্তৃপক্ষৰ সুদৃষ্টি কামনা কৰিছে পৰিয়ালটোৱে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|