মুখ্যপৃষ্ঠা » খবৰ

» অসম

»লাভলীনা বৰগোঁহাইলৈ ২৫ লাখ টকা আগবঢ়ালে LICয়ে, অনুশীলনৰ বাবে কাইলৈ বাংগালুৰুলৈ ৰাওনা হ'ব তাৰকা খেলুৱৈগৰাকী

লাভলীনা বৰগোঁহাইলৈ ২৫ লাখ টকা আগবঢ়ালে LICয়ে, অনুশীলনৰ বাবে কাইলৈ বাংগালুৰুলৈ ৰাওনা হ'ব তাৰকা খেলুৱৈগৰাকী

News18 Assam | News18-Assam
Updated:September 2, 2021, 6:31 PM IST
লাভলীনা বৰগোঁহাইলৈ ২৫ লাখ টকা আগবঢ়ালে LICয়ে, অনুশীলনৰ বাবে কাইলৈ বাংগালুৰুলৈ ৰাওনা হ'ব তাৰকা খেলুৱৈগৰাকী
লাভলীনা বৰগোঁহাইলৈ LIC-য়ে আগবঢ়ালে ২৫ লাখ টকা। কাইলৈ বাংগালুৰুৰ অনুশীলন শিৱিৰলৈ ৰাওনা হ'ব লাভলীনা।

লাভলীনা বৰগোঁহাইলৈ LIC-য়ে আগবঢ়ালে ২৫ লাখ টকা। কাইলৈ বাংগালুৰুৰ অনুশীলন শিৱিৰলৈ ৰাওনা হ'ব লাভলীনা।

  • Share this:
অলিম্পিকত পদক অৰ্জন কৰি নিজা বাসগৃহলৈ অহা লাভলীনা বৰগোঁহাই শুকুৰবাৰে পুনৰ ৰাওনা হ'ব বাংগালুৰুৰ অনুশিলন শিৱিৰলৈ। শুকুৰবাৰে দুপৰীয়া ২ বজাত ঘৰৰ পৰা ৰাওনা হ'ব লাভলীনা। অনুশীলন শিৱিৰলৈ ঘূৰি যোৱাৰ প্ৰাক মূহুৰ্ত্বত বৃহস্পতিবাৰে লাভলীনাক সম্বৰ্ধনা জনাই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে।

অলিম্পিকত পদক বিজয়ী প্ৰথম অসমীয়া লাভলীনালৈ বৃহস্পতিবাৰে ভাৰতীয় জীৱন বীমা নিগমৰ  (LIC) তৰফৰ পৰা আগবঢ়োৱা হয়  ২৫ লাখ টকাৰ উপহাৰ। লগতে ভাৰতীয় জীৱন বীমা নিগমৰ তৰফৰ পৰা গামোচা শৰাইয়ে লাভলীনা বৰগোহাঁইক উষ্ম আদৰণি জনোৱা হয়। অনুষ্ঠানটোত জীৱন বীমা নিগমৰ যোৰহাট মাণ্ডলীক কাৰ্য্যালয়ৰ জ্যেষ্ঠ মণ্ডল প্ৰৱন্ধক প্ৰকাশ মিশ্ৰ উপস্থিত থাকে। আনহাতে একেটা দিনতে য়েছ বেংক (Yes Bank) ৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱাৰ লগতে ১০ লাখ টকাৰ এটি স্বাস্থ্য বীমা আগবঢ়াই লাভলীনালৈ।

সেইদৰে আজিৰ দিনটোতে গোলাঘাট জিলা সাহিত্য সভা, ঠেঙাল কছাৰী স্বায়ত্ত পৰিষদ, বৰগোহাঁই বংশাৱলী আদি আনুষ্ঠানেও খেলুৱৈগৰাকীক সম্বৰ্ধনা জনায়।
Published by: Himangshu Bhuyan
First published: September 2, 2021, 6:25 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি