உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Leopard Trapped: মালিগাঁৱত খাদ্যৰ সন্ধানত ওলাই অহা নাহৰফুটুকী পৰিল কুঁৱাত, চাঞ্চল্য

    Leopard Trapped: মালিগাঁৱত খাদ্যৰ সন্ধানত ওলাই অহা নাহৰফুটুকী পৰিল কুঁৱাত, চাঞ্চল্য

    ঘৰটোৰ গৃহস্থ‌ই নিশা কুঁৱাত কিবা বস্তু পৰা এটা শব্দ শুনা পাইছিল যদিও এই ঘটনাক সাধাৰণভাৱে লৈ ওলাই অহা নাছিল।

    ঘৰটোৰ গৃহস্থ‌ই নিশা কুঁৱাত কিবা বস্তু পৰা এটা শব্দ শুনা পাইছিল যদিও এই ঘটনাক সাধাৰণভাৱে লৈ ওলাই অহা নাছিল।

    ঘৰটোৰ গৃহস্থ‌ই নিশা কুঁৱাত কিবা বস্তু পৰা এটা শব্দ শুনা পাইছিল যদিও এই ঘটনাক সাধাৰণভাৱে লৈ ওলাই অহা নাছিল।

    • Share this:

    বৃহস্পতিবাৰে এটা নাহৰফুটুকীক কেন্দ্ৰ কৰি মালিগাঁৱত চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি হয়। জানিব পৰা মতে, মালিগাঁৱৰ গোশালাস্থিত মাধৱদেৱ নগৰৰ আছমা বেগম নামৰ এগৰাকী মহিলাৰ ঘৰৰ চোতালৰ ২০ ফুট দ' মুকলি পৰিত্যক্ত কুঁৱাত এটা নাহৰফুটুকী সোমাই পৰে। খাদ্যৰ সন্ধানত পুৱতিনিশা প্ৰায় ২ বজাত অঞ্চলটোলৈ অহা নাহৰফুটুকীটো ভুলবশতঃ কুঁৱাটোত পৰে। ঘৰটোৰ গৃহস্থ‌ই নিশা কুঁৱাত কিবা বস্তু পৰা এটা শব্দ শুনা পাইছিল যদিও এই ঘটনাক সাধাৰণভাৱে লৈ ওলাই নাহে। কিন্তু পুৱা যেতিয়া ঘৰটোৰ গৃহস্থ‌ই কুঁৱাটোৰ কাষলৈ যায় তেতিয়া এটা প্ৰকাণ্ড নাহৰফুটুকীক প্ৰত্যক্ষ কৰে।


    এই খবৰ অঞ্চলটোত জুইৰ দৰে বিয়পি পৰাত চৌদিশে এক চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি হয়। ঘটনা সন্দৰ্ভত একাংশ স্থানীয় লোকে ততাতৈয়াকৈ মালিগাঁও আৰক্ষী চকী আৰু বন বিভাগক খবৰ দিয়ে। এই ঘটনাৰ খবৰ পোৱাৰ মাত্ৰকে ঘটনাস্থলীত উপস্থিত হয় জালুকবাৰী আৰক্ষী চকীৰ এটা দল। আৰক্ষীৰ দলটো উপস্থিত হোৱাৰ কিছু সময়ৰ ভিতৰতে বন বিভাগৰ এটা দলো সেই ঠাইত উপস্থিত হয়। প্ৰায় তিনিঘন্টাজোৰা প্ৰচেষ্টাৰ অন্তত অৱশেষত কুঁৱাত আৱদ্ধ হৈ থকা নাহৰফুটুকীটো বন বিভাগে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।


    উল্লেখ্য যে নাহৰফুটুকীটোক উদ্ধাৰৰ পূৰ্বে বন বিভাগৰ এটা বিশেষজ্ঞৰ দলে ট্ৰেংকুলাইজ কৰে। নাহৰফুটুকীটো উদ্ধাৰৰ পাছতেই বন বিভাগে নাহৰফুটুকীটোৰ স্বাস্থ্য পৰীক্ষা কৰে আৰু সুস্থ বুলি নিশ্চিত হোৱাৰ পাছতেই উক্ত স্থানৰ পৰা লৈ অনা হয়। পৰৱৰ্তী সময়ত বন বিভাগৰ এটা দলে নাহৰফুটুকীটোক গড়ভঙা বনঞ্চলৰ মাজত মুকলি কৰি দিয়ে। মন কৰিবলগীয়া কথা, মাধৱদেৱ নগৰত নাহৰফুটুকী ওলোৱাটো কোনো নতুন কথা নহয়, কাৰণ পাহাৰীয়া অঞ্চলটোত এনেদৰে খাদ্যৰ সন্ধানত প্ৰায়েই নাহৰফুটুকীয়ে বিচৰণ কৰে বুলি স্থানীয় লোকে জানিবলৈ দিছে।

    Published by:Gautam Barman
    First published: