• Home
  • »
  • News
  • »
  • assam
  • »
  • দিন দুপৰতে গোলাঘাটৰ এই অঞ্চলত এতিয়া বাঘৰ মুক্ত বিচৰণ! ১৪টাকৈ নাহৰফুটুকী হ'ল পিঞ্জৰাবদ্ধ

দিন দুপৰতে গোলাঘাটৰ এই অঞ্চলত এতিয়া বাঘৰ মুক্ত বিচৰণ! ১৪টাকৈ নাহৰফুটুকী হ'ল পিঞ্জৰাবদ্ধ

অঞ্চলটোত বৰ্তমানলৈকে পিঞ্জৰাবদ্ধ হ'ল ১৪ টা প্ৰাপ্তবয়স্ক নাহৰফুটুকী। এতিয়া বাঘৰ আতংকই শংকিত কৰি তুলিছে অঞ্চলবাসীক।

  • Share this:
গোলাঘাটৰ এতিয়া ওলাইছে ইটোৰ পিছত বাঘ। অঞ্চলটোত বৰ্তমানলৈকে পিঞ্জৰাবদ্ধ হ'ল ১৪ টা প্ৰাপ্তবয়স্ক নাহৰফুটুকী। এতিয়া বাঘৰ আতংকই শংকিত কৰি তুলিছে অঞ্চলবাসীক।

গোলাঘাটৰ বেতিয়নীৰ কাকতিগাঁও, নৰাগাঁও, কৃষ্ণগাঁও আদি অঞ্চল মানুহে বসবাস কৰাৰ বাবে আছিল এটা নিৰ্ভিক স্থান। কিন্তু শেহতীয়াকৈ দিনৰ ভাগতে অঞ্চলটোৰ সাধাৰণ লোকসকল ৰাস্তালৈ ওলাবলৈ ভয় কৰা হৈছে।

কি দিন, কি ৰাতি অঞ্চলটোত  বাঘে বিচৰণ কৰা প্ৰত্যক্ষ কৰে স্থানীয় লোকে। দেওবাৰে অঞ্চলটোত পুনৰবাৰ পিঞ্জৰাবদ্ধ হ'ল এটা নাহৰফুটুকী। বৰ্তমান লৈকে উক্ত অঞ্চলৰ পৰা প্ৰায় ১৪ টা নাহৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ কৰা হৈছে। বৰ্তমান আৰু ৭ টা মান বাঘ অঞ্চলটোত থকাৰ সন্দেহ স্থানীয় লোক আৰু বনবিভাগৰ।
Published by:Himangshu Bhuyan
First published: