কিমান হিংসুক হ’ব পাৰে মানুহ! গুৱাহাটীত মানুহৰ নৃশংসতাৰ বলি হ’ল এটা নাহৰফুটুকী৷
মৰিয়াই মৰিয়াই হত্যা কৰি কাটি নিলে দাঁত, চাল, নখ৷ বন বিভাগৰ দায়িত্বজ্ঞানহীন কাৰ্যৰ বাবেই মৃত্যুক সাবটি ল’লে নাহৰফুটুকীটোৱে৷
গড়চুক আৰক্ষী থানাৰ অন্তৰ্গত কতাহবাৰীত পুৱা সংঘটিত হ’ল এই অমানুসিক ঘটনা৷ য’ত এদল উন্মাদ লোকে মৰিয়াই মৰিয়াই হত্যা কৰিলে প্ৰায় ১৫ বছৰীয়া নাহৰফুটুকী৷ অকল হত্যা কৰাই, নহয় কাটি নিলে দাঁত, ছাল পৰ্যন্ত। পুৱতিনিশা কতাহবাৰীৰ এঘৰ লোকৰ ঘৰৰ পিছফালে পাতি ফান্দত লাগিছিল নাহৰফুটুকীটো৷ তাৰ পিছতে পুৱা ঘটনাস্থলীত উপস্থিত হৈছিল বন বিভাগৰ লোক৷
বন বিভাগে বাঘটোক ট্ৰেংকুলাইজ কৰাৰ পূৰ্বেই বাঘটো এৰা খাইছিল ফান্দৰ পৰা আৰু গুচি গৈছিল হাবিলৈ৷ বাঘটো এৰা খাই যোৱা দেখিও কিন্তু বন বিভাগে নিবিচাৰিলে আঘাতপ্ৰাপ্ত বাঘটোক৷ যাৰ ফলত স্থানীয় লোকৰ হিংসাৰ বলি হৈ প্ৰাণ হেৰুৱালে বাঘটোৱে৷ বন বিভাগৰ দল ঘটনাস্থলীৰ পৰা যোৱাৰ লগে লগে আঘাতপ্ৰাপ্ত বাঘটোক বিচাৰি হাবিলৈ ওলাল স্থানীয় শতাধিক লোক আৰু নাহৰফুটুকীটোক হাবিতে মৰিয়াই মৰিয়াই হত্যা কৰিলে৷
ইয়াতে ক্ষান্ত নাথাকি মৰা বাঘটোক হাবিৰ পৰা লৈ আনিলে জনবসতি থকা স্থানলৈ৷ তাতেই একাংশই উঘালিলে দাঁত, কাটিলে ছাল৷ হত্যাৰ প্ৰায় ৩ ঘণ্টাৰ পিছত পুনৰ ঘটনাস্থলীত উপস্থিত হ’ল বন বিভাগৰ লোক৷ আনহাতে, বন বিভাগৰ লোক উপস্থিত হোৱাৰ আগতেই গড়চুক আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ সোধা–পোছাৰ কাৰণে আটক কৰিলে ৭ জনক৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|