
নাহৰফুটুকীটোৱে দীৰ্ঘদিন ধৰি স্থানীয় ৰাইজৰ পোহনীয়া জীৱ–জন্তু ভক্ষণ কৰি একপ্ৰকাৰৰ সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল।
নাহৰফুটুকীটোৱে দীৰ্ঘদিন ধৰি স্থানীয় ৰাইজৰ পোহনীয়া জীৱ–জন্তু ভক্ষণ কৰি একপ্ৰকাৰৰ সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল।
মঙলবাৰে নিশা তৈলনগৰী দুলীয়াজানত সংঘটিত হয় শোকাৱহ ঘটনা। দুলীয়াজানৰ ডিৰিয়াল চাহ বাগিচাৰ পৰা ৰাজপথলৈ ওলাই অহা এটা নাহৰফুটুকীক এখক তীব্ৰবেগী বাহনে খুন্দা মৰাত থিতাতে নিহত হয় নাহৰফুটুকীটো।
নাহৰফুটুকীটো নিহত হোৱাৰ খবৰ বিয়পি পৰাত ঘটনাস্থলীত কেইবাশতাধিক লোক উপস্থিত হয়। ইয়াৰে একাংশই মৃত নাহৰফুটুকী বাঘটোৰ দাঁত, নখ আৰু নোম কাটি উধাও হয়।
উল্লেখযোগ্য যে নাহৰফুটুকীটোৱে দীৰ্ঘদিন ধৰি স্থানীয় ৰাইজৰ পোহনীয়া জীৱ–জন্তু ভক্ষণ কৰি একপ্ৰকাৰৰ সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল। স্থানীয় ৰাইজে বন বিভাগক বাৰম্বাৰ আবেদন-নিবেদন কৰাৰ পিছতো বাঘটো পিঞ্জৰাবদ্ধ কৰিবলৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে বন বিভাগে।
সমগ্ৰ দেশবাসীক গৌৰৱান্বিত কৰিলে অসম কন্যা বৰ্ণালীয়ে, মহাকাশত আৱিষ্কাৰ কৰিলে সূৰ্যতকৈও ডাঙৰ আৰু উষ্ণ নক্ষত্ৰঘটনাস্থলীত দুলীয়াজান আৰক্ষী উপস্থিত হৈয় মৃত নাহৰফুটুকীটো বন বিভাগক গতাই দিয়ে। বন বিভাগৰ চিকিৎসকৰ এটা দলে বাঘটোৰ মৰোণোত্তৰ পৰীক্ষা কৰা পিছত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। অন্যহাতে নাহৰফুটুকীটো খুন্দিয়াই নিহত কৰা অচিনাক্ত গাড়ীখনৰ সন্ধানত তীব্ৰ অভিযান আৰম্ভ কৰিছে দুলীয়াজান আৰক্ষীয়ে।
Assam News Today |
News in Assamese |
Latest News in AssamesePublished by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|