ডিব্ৰুগড়ত নাহৰফুটুকী হত্যা কৰি ভক্ষণ কৰিলে একাংশ লোকে

News18 Assam | News18-Assam
Updated:January 10, 2020, 10:31 AM IST
ডিব্ৰুগড়ত নাহৰফুটুকী হত্যা কৰি ভক্ষণ কৰিলে একাংশ লোকে
বৃহস্পতিবাৰে সাপেখাতীৰ আটাল ৰাংঢালী গাঁৱত নাহৰফুটুকী এটাই সন্ত্ৰাস সৃষ্টি কৰি পাঁচজনকৈ লোকক আক্ৰমণ কৰিছিল।

বৃহস্পতিবাৰে সাপেখাতীৰ আটাল ৰাংঢালী গাঁৱত নাহৰফুটুকী এটাই সন্ত্ৰাস সৃষ্টি কৰি পাঁচজনকৈ লোকক আক্ৰমণ কৰিছিল।

  • Share this:
ডিব্ৰুগড়ৰ দিল্লীবাৰীত নাহৰফুটুকী হত্যা কৰি ভক্ষণ কৰিলে একাংশ লোকে। বৃহস্পতিবাৰে সাপেখাতীৰ আটাল ৰাংঢালী গাঁৱত নাহৰফুটুকী এটাই সন্ত্ৰাস সৃষ্টি কৰি পাঁচজনকৈ লোকক আক্ৰমণ কৰিছিল। পিছত অঞ্চলটোৰ ৰাইজে নাহৰফুটুকীটোৰ সন্ধানত অভিযান চলায়। অৱশেষত বাঘটো দিচাং নৈ পাৰ হৈ ডিব্ৰুগড় জিলাৰ দিল্লীবাৰী অঞ্চলত প্ৰৱেশ কৰে। টিংখং সমষ্টিৰ দিল্লীবাৰী অঞ্চলৰ ৰাইজে বাঘটো খেদি খেদি নিধন কৰে। নাহৰফুটুকীটো হত্যা কৰি একাংশ লোকে ভক্ষণ কৰে মাংস। এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত।
আৰু চাওক
পৰৱৰ্তী বাতৰি