জীৱশ্ৰেষ্ঠৰ নৃশংসতা! নাহৰফুটুকী হত্যা কৰি কাটি নিলে দাঁত, ঠেং, নেজ

আজি নিলেশ্বৰ চাংমাই নামৰ এজন লোকক নাহৰফুটুকীটোৱে আক্ৰমণ কৰে। গুৰুতৰভাৱে আহত লোকজনক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।

news18assam
Updated:May 31, 2019, 12:25 PM IST
জীৱশ্ৰেষ্ঠৰ নৃশংসতা! নাহৰফুটুকী হত্যা কৰি কাটি নিলে দাঁত, ঠেং, নেজ
আজি নিলেশ্বৰ চাংমাই নামৰ এজন লোকক নাহৰফুটুকীটোৱে আক্ৰমণ কৰে। গুৰুতৰভাৱে আহত লোকজনক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।
news18assam
Updated: May 31, 2019, 12:25 PM IST
চৰাইদেউ জিলাৰ সোণাৰিৰ বৰহাট ভেচেলীপথাৰ গাঁৱত একাংশ লোকে মৰিয়াই হত্যা কৰিলে এটা নাহৰফুটুকী। দীৰ্ঘদিন ধৰি বৃহত্তৰ অঞ্চলটোত পশুধন নিধন কৰি ত্ৰাসৰ সৃষ্টি কৰিছিল বাঘটোৱে। আজি নিলেশ্বৰ চাংমাই নামৰ এজন লোকক নাহৰফুটুকীটোৱে আক্ৰমণ কৰে। গুৰুতৰভাৱে আহত লোকজনক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।

লোকজনক আক্ৰমণৰ পিছতে হাতে হাতে যাঁঠি–জোং লৈ ওলাই আহে স্থানীয় লোকসকল। একাংশ লোকে খেদি খেদি হত্যা কৰিলে নাহৰফুটুকীটোক। হত্যা কৰাৰ পিছতে একাংশ লোকে কাটি নিলে বাঘটোৰ দাঁত, ঠেং, নেজ আদি অংগ–প্ৰত্যংগ। ঘটনাস্থলীত বহু পলমকৈ উপস্থিত হৈ মৃত বাঘটো চমজি লয় বন বিভাগৰ দলে। আত্মৰক্ষাৰ বাবেই নাহৰফুটুকীটো হত্যা কৰা বুলি মন্তব্য কৰিছে স্থানীয় লোকে।
আৰু চাওক পৰৱৰ্তী বাতৰি