মুখ্যপৃষ্ঠা »খবৰ »অসম »নাহৰকটীয়াৰ জয়পুৰ বৰ্ষাৰণ্যৰ সমীপত মৃত নাহৰফুটুকী উদ্ধাৰ

নাহৰকটীয়াৰ জয়পুৰ বৰ্ষাৰণ্যৰ সমীপত মৃত নাহৰফুটুকী উদ্ধাৰ

বন বিভাগৰ লোক উপস্থিত হৈ মৃত বাঘটো উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।

বন বিভাগৰ লোক উপস্থিত হৈ মৃত বাঘটো উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।

  • Share this:
নাহৰকটীয়াৰ জয়পুৰ বৰ্ষাৰণ্যৰ গাতে লাগি থকা কুঁৱৰবাম গাঁৱৰ এটা জানত ওপঙি থকা অৱস্থাত উদ্ধাৰ এটা মৃত নাহৰফুটুকী। মৃত নাহৰফুটুকীটো প্ৰত্যক্ষ কৰি স্থানীয় লোকে বন বিভাগক খবৰ দিয়াত ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ মৃত বাঘটো উদ্ধাৰ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।

দুলীয়াজানৰ পৰা অহা চিকিৎসকৰ দলটোৱে প্ৰাৰম্ভিক পৰ্যায়ত জানিবলৈ দিয়া মতে, আয়ুস সীমা অতিক্ৰম কৰাৰ বাবে নাহৰফুটুকীটোৱে দীৰ্ঘদিন ধৰি চিকাৰ কৰিব পৰা নাছিল, যাৰ ফলত দুৰ্বল হোৱাৰ লগতে ডিহাইড্ৰেচনত ভুগি বাঘটোৰ হয়। আনহাতে, মৰণোত্তৰ পৰীক্ষাৰ পিছতে ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত জয়পুৰ বন বিভাগৰ ডাক বঙলাৰ চৌহদতে নাহৰফুটুকীটোৰ সৎকাৰ কৰা হয়।

শেহতীয়া বাতৰি