உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ভিতৰত বাঘ, বাহিৰত কৰ্মচাৰী, নাজিৰাৰ ONGCৰ কাৰ্যালয়ত নাহৰফুটুকীৰ টহল

    ভিতৰত বাঘ, বাহিৰত কৰ্মচাৰী, নাজিৰাৰ ONGCৰ কাৰ্যালয়ত নাহৰফুটুকীৰ টহল

    বৰ্তমানেও বাঘটো আৱদ্ধ হৈ আছে ONGCৰ ROB-I কাৰ্যালয়ৰ ভিতৰত।

    বৰ্তমানেও বাঘটো আৱদ্ধ হৈ আছে ONGCৰ ROB-I কাৰ্যালয়ৰ ভিতৰত।

    বৰ্তমানেও বাঘটো আৱদ্ধ হৈ আছে ONGCৰ ROB-I কাৰ্যালয়ৰ ভিতৰত।

    • Share this:
    নাজিৰাৰ ONGC অসম সম্পদৰ মুখ্য কাৰ্যালয়ৰ ভিতৰত নাহৰফুটুকী বাঘৰ মুক্ত বিচৰণ৷ যোৱা নিশা চিচিটিভি কেমেৰাত বন্দী হয় কাৰ্যালয়ৰ ROB-Iৰ ভিতৰত বাঘ ঘূৰি ফুৰাৰ দৃশ্য৷ ইয়াকে লৈ শংকিত হৈ পৰিছে ONGC কৰ্মচাৰীসকল। ইতিমধ্যে কৰ্মচাৰী তথা বাহিৰা মানুহৰ প্ৰৱেশ নিষিদ্ধ কৰিছে অঞ্চলটোত৷

    দীৰ্ঘদীন ধৰি নাজিৰাৰ ONGCৰ আৱাসিক এলেকাৰ ভিতৰত নাহৰফুটুকী বাঘে মুক্ত বিচৰণ কৰি ফুৰা দেখিছিল বহু লোকে৷ যোৱানিশা নাহৰফুটুকীটোৱে অসম সম্পদৰ কাৰ্যালয়ৰ ভিতৰত বাঘ সোমোৱাৰ দৃশ্য চিচিটিভি কেমেৰাত বন্দী হোৱাৰ পিছতে কৰ্মচাৰীসকলক সতৰ্ক কৰি দিয়ে ONGC কৰ্তৃপক্ষই৷

    বৰ্তমানেও বাঘটো আৱদ্ধ হৈ আছে ONGCৰ ROB-I কাৰ্যালয়ৰ ভিতৰত। বন বিভাগৰ লোক ONGC কাৰ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰি নাহৰফুটুকীটো পিঞ্জৰাবদ্ধৰ বাবে চেষ্টা চলাইছে যদিও ট্ৰেংকুইলাইজ কৰিহে বাঘটো ধৰিবলৈ সক্ষম হ’ব বুলি জানিবলৈ দিছে বন বিভাগৰ লোকে৷
    Published by:Sanjay Kumar Das
    First published: