বাঘ পিঞ্জৰাবদ্ধ খবৰ পোৱা মাত্ৰকে স্বস্তিৰ নিশ্বাস এৰিলে শিশু গ্ৰামৰ বাসিন্দাসকলে। নাহৰফুটুকী চাবলৈ ভিৰ কৰিলে ৰাইজে।
বাঘ পিঞ্জৰাবদ্ধ খবৰ পোৱা মাত্ৰকে স্বস্তিৰ নিশ্বাস এৰিলে শিশু গ্ৰামৰ বাসিন্দাসকলে। নাহৰফুটুকী চাবলৈ ভিৰ কৰিলে ৰাইজে।
উত্তৰ গুৱাহাটীত পিঞ্জৰাত আবদ্ধ হ’ল প্ৰকাণ্ড নাহৰফুটুকী। উত্তৰ গুৱাহাটীৰ শিশু গ্ৰামত পিঞ্জৰাত বন্দী হ’ল নাহৰফুটুকীটো। দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই আহিছিল নাহৰফুটুকীটোৱে।আই আই টি গেটৰ পথত নাহৰফুটুকী আৰু ডাম্পাৰ চালক মুখামুখি হৈছিল নিশা। ডাম্পাৰ চালক বাঘৰ ফটো ছচিয়েল মিডিয়াত ভাইৰেলৰ হোৱাৰ পিছত সক্ৰিয় হ’ল চিলা বনাঞ্চলিক বিষয়াৰ দল। হাঁহৰ টোপ দি শিশুগ্ৰাম চৌহদত পতা হৈছিল পিঞ্জৰা।
বাঘ পিঞ্জৰাবদ্ধ খবৰ পোৱা মাত্ৰকে স্বস্তিৰ নিশ্বাস এৰিলে শিশু গ্ৰামৰ বাসিন্দাসকলে। নাহৰফুটুকী চাবলৈ ভিৰ কৰিলে ৰাইজে। পিছে আই আই টি গেটৰ পাহাৰত এটা বাঘেই নহয়, আছে হেনো বহু বাঘ। ৰঙিয়া সংমণ্ডল উত্তৰ কামৰূপ বন সংমণ্ডল বিষয়া ছানিদেউল চৌধুৰীয়ে ক’লে, এই অঞ্চল নাহৰফুটুকীৰ বিচৰণভূমি। গতিকে নাহৰ ফুটুকীৰ ওপৰত আমি পৰ্যবেক্ষণত আছো। গণনাৰ বাবে ভিন্ন স্থানত লগাইছো চি চি কেমেৰা। পিঞ্জৰাবদ্ধ নাহৰফুটুকীটো পুনৰ অভয়াৰণ্যত মুকলি কৰাৰ বাবে উদ্যোগ লৈছে বন বিভাগে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|