உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • দুলীয়াজানৰ প্ৰকাশ চাহ বাগিচাত নাহৰফুটুকী পিঞ্জৰাবদ্ধ, নাহৰফুটুকী চাবলৈ ৰাইজৰ ভিৰ

    দুলীয়াজানৰ প্ৰকাশ চাহ বাগিচাত নাহৰফুটুকী পিঞ্জৰাবদ্ধ, নাহৰফুটুকী চাবলৈ ৰাইজৰ ভিৰ

    কেইদিনমান আগতে বন বিভাগে স্থানীয় আৰক্ষীৰ সহযোগত স্থাপন কৰা পিঞ্জৰাত আবদ্ধ হয় নাহৰফুটুকীটো।

    কেইদিনমান আগতে বন বিভাগে স্থানীয় আৰক্ষীৰ সহযোগত স্থাপন কৰা পিঞ্জৰাত আবদ্ধ হয় নাহৰফুটুকীটো।

    কেইদিনমান আগতে বন বিভাগে স্থানীয় আৰক্ষীৰ সহযোগত স্থাপন কৰা পিঞ্জৰাত আবদ্ধ হয় নাহৰফুটুকীটো।

    • Share this:
    দুলীয়াজান আৰক্ষী থানাৰ অন্তৰ্গত বকুলনি চাৰিআলি সমীপৰ প্ৰকাশ চাহ বাগিচাত বুধবাৰে পুৱা এটা প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ হয়। দীৰ্ঘদিনৰ পৰা বাগিচাৰ বৃহত্তৰ অঞ্চলটোত কেইবাটাও নাহৰফুটুকীয়ে মুক্ত বিচৰণ কৰি আহিছিল। নাহৰফুটুকীৰ আক্রমণত ইতিমধ্যে কেইবাগৰাকীও লোক আহত হোৱাৰ লগতে বহু পশুধন ভক্ষণ কৰি একপ্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল।

    কেইদিনমান আগতে বন বিভাগে স্থানীয় আৰক্ষীৰ সহযোগত স্থাপন কৰা পিঞ্জৰাত আবদ্ধ হয় নাহৰফুটুকীটো। প্ৰকাশ চাহ বাগিচাৰ শ্ৰমিকে পুৱা পিঞ্জৰাবদ্ধ নাহৰফুটুকীটো প্ৰত্যক্ষ কৰি ডিগবৈস্থিত বন বিভাগক খবৰ দিয়ে। উক্ত খবৰৰ ভিত্তিত বন বিভাগৰ এটা দল আহি ঘটনাস্থলীত উপস্থিত হয়।

    ইফালে এই বাতৰি চৌদিশে বনজুইৰ দৰে বিয়পি পৰাত কেইবাশতাধিক লোক আহি নাহৰফুটুকীটো প্ৰত্যক্ষ কৰিবলৈ ঘটনাস্থলীত উপস্থিত হয়। বন বিভাগৰ লোকে পিঞ্জৰাবদ্ধ নাহৰফুটুকীতো জয়পুৰ বৰ্ষাৰণ্যত মুকলি কৰি দিবলৈ লৈ যায়।
    Published by:Sanjay Kumar Das
    First published: