Leopard Caged: কিছুদিন পূৰ্বে নাফুক চাহ বাগিছাত কৰ্মৰত কাৰ্তিক তাঁতি নামৰ এজন শ্ৰমিকক আক্ৰমণ কৰিছিল নাহৰফুটুকীটোৱে।
সোণাৰি (Sonari)ত সন্ত্ৰাস সৃষ্টি কৰা নাহৰফুটুকী (Leopard ) অৱশেষত পিঞ্জৰাবদ্ধ হ'ল। সোণাৰি বনবিভাগে স্থাপন কৰা পিঞ্জৰাত আৱদ্ধ নাহৰফুটুকীটো। নাফুক চাহবাগিছাৰ খেৰবাৰী সমীপতে বনবিভাগে স্থাপন কৰা পিঞ্জৰাত আৱদ্ধ হ'ল নাহৰফুটুকীটো।
যোৱা কেইবাদিন ধৰি অঞ্চলটোত সন্ত্ৰাস সৃষ্টি কৰি অহা নাহৰফুটুকীটো আৱদ্ধ হোৱাত স্বস্তিৰ নিশ্বাস পেলাইছে স্থানীয় ৰাইজে। কিছুদিন পূৰ্বে বাগিছাখনত কৰ্মৰত কাৰ্তিক তাঁতি নামৰ এজন শ্ৰমিকক আক্ৰমণ কৰিছিল নাহৰফুটুকীটোয়ে। অৱশেষত বনবিভাগে পতা পিঞ্জৰাত আৱদ্ধ হল প্ৰকাণ্ড নাহৰফুটুকী বাঘটো। দীৰ্ঘদিন ধৰি পোহনীয়া জীৱ-জন্তু ভক্ষণ কৰি সন্ত্ৰাস চলাই আহিছিল নাহৰ ফুটুকী বাঘটোৱে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|