যোৰহাটত নাহৰফুটুকীৰ ওপৰত জপিয়াই পৰিল আন এটা খঙাল নাহৰফুটুকী, তাৰ পিছত হ’ল এয়া...

ফাইল ফটো
এখন হাবিত যে দুটা বাঘ থাকিব নোৱাৰে সেই প্ৰচলিত বাক্যশাৰিৰে সত্যতা পৰিলক্ষিত হল যোৰহাটৰ চিনামৰা চাহবাগিচাত । সোমবাৰে নিশা চাহবাগিচাখনৰ ভিতৰত দুটা নাহৰফুটুকীৰ মাজত লাগে তয়াময়া যুঁজ ।
- News18 Assam
- Last Updated: February 2, 2021, 8:48 PM IST
মঙলবাৰে পুৱাই চাহবাগিচালৈ ওলাই যোৱা দুজনমান লোকে প্ৰত্যক্ষ কৰে গুজৰি-গুমৰি পৰি থকা আহত নাহৰফুটুকী বাঘটো । খোজকাঢ়ি যাবলৈয়ো অক্ষম হৈ পৰা নাহৰফুটুকীটোক একাংশ যুৱকে দাঙি আনে পথৰ কাষলৈ । ইয়াৰ পিছতে খবৰ দিয়া হয় বনবিভাগক । অসহায় আহত নাহৰফুটুকী বাঘটোক একাংশ লোকে চুই চোৱাৰ লগতে একাংশই ফটোও তোলে । কিছুসংখ্যক লোকে হিংস্ৰ বাঘটোক পানী খুৱাই শুশ্ৰুষা কৰাৰ চেষ্টাও কৰে । মঙ্গলবাৰে পুৱা এই বিৰল দৃশ্য দেখিবলৈ পোৱা গল যোৰহাটৰ চিনামৰা চাহ বাগিচাৰ মুৰমুৰীয়া ডিভিজনত ।
দৰাচলতে এখন হাবিত যে দুটা বাঘ থাকিব নোৱাৰে সেই প্ৰচলিত বাক্যশাৰিৰে সত্যতা পৰিলক্ষিত হল যোৰহাটৰ চিনামৰা চাহবাগিচাত । সোমবাৰে নিশা চাহবাগিচাখনৰ ভিতৰত দুটা নাহৰফুটুকীৰ মাজত লাগে তয়াময়া যুঁজ । এই যুঁজত ধৰাশায়ী হয় এটা নাহৰফুটুকী । গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হৈ মৃত্যুৰে সৈতে যুঁজি বাগিচাৰ মাজতে পৰি ৰয় এটা নাহৰফুটুকী । পুৱা বাগিচালৈ অহা একাংশ লোকে এই দৃশ্য প্ৰত্যক্ষ কৰাৰ পিছত নাহৰফুটুকীটোৰ চিকিৎসাৰ বাবে বন বিভাগক খবৰ দিয়া হয় যদিও পুৱা ১১ বজালৈকে বাঘটোৰ কাষত উপস্থিত হব নোৱাৰিলে বনবিভাগৰ লোক । অৱশ্যে চাহবাগিচা কৰ্তৃপক্ষই নাহৰফুটুকীটোক সুৰক্ষা দি অপেক্ষা কৰি ৰয় বনবিভাগ তথা পশুচিকিৎসকৰ দল অহালৈকে ।

অৱশেষত আৰক্ষীৰ লোক উপস্থিত হোৱাৰ কিছুসময় পিছতে বনবিভাগৰ এটি দল ঘটনাস্থলীত উপস্থিত হৈ গুৰুতৰ ভাৱে আহত নাহৰফুটুকীটোক গাড়ীত লৈ যায় । স্থানীয় লোকে জানিবলৈ দিয়া মতে এই অঞ্চলটোত বহু নাহৰফুটুকী বাঘ আছে আৰু পোহনীয়া জীৱজন্তু তথা স্থানীয় লোকসকলৰ বাবে আতঙ্ক হৈ পৰিছে এই নাহৰফুটুকী বাঘবোৰ ।