உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • চাপজুৰিত নাহৰফুটুকীৰ আক্ৰমণত আহত এজন, বাঘ–হাতীৰ উপদ্ৰৱত অতিষ্ঠ গাঁওবাসী

    চাপজুৰিত নাহৰফুটুকীৰ আক্ৰমণত আহত এজন, বাঘ–হাতীৰ উপদ্ৰৱত অতিষ্ঠ গাঁওবাসী

     হাতীৰ উপদ্ৰৱৰ বাবে টঙীঘৰ সাজি নিশা ধাননি ৰখে যদিও দিনত নাহৰফুটুকীৰ আক্ৰমণে আন এক সমস্যাৰ উদ্ভৱ ঘটাইছে।

    • Share this:

    কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া চাপজুৰি বঙালী গাঁৱত নাহৰফুটুকীৰ সন্ত্ৰাস।গাঁওখনৰ গাতে লাগি থকা এখন চাহ বাগানত আশ্ৰয় লৈ থকা এটা নাহৰফুটুকী বাঘে আক্ৰমণ কৰে এগৰাকী লোকক।

    চাহ বাগিচাৰ কাষৰ পৰা গৰু আনিবলৈ যাওঁতে গাঁওখনৰ মনোজ ভূমিজ নামৰ ব্যক্তিজনক নাহৰফুটুকীটোৱে আক্ৰমণ কৰে।

    কেইদিনমানৰ পৰা বাঘৰ সন্ত্ৰাসৰ বাবে এতিয়া দিনতে ঘৰৰ বাহিৰলৈ ওলাবলৈ চিন্তা কৰিবলগীয়া হৈছে গাঁওবাসীয়ে। ইপিনে নিতৌ গাঁওখনৰ ছাগলী নিধন কৰি আহিছে নাহৰফুটুকীটোৱে। দিনত নাহৰফুটুকীৰ সন্ত্ৰাসৰ বিপৰীতে নিশা হাতীৰ উপদ্ৰৱেও নিদ্ৰা হৰিছে গাঁওবাসীৰ।

    এইক্ষেত্ৰত বন বিভাগে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ গাঁওবাসীৰ। হাতীৰ উপদ্ৰৱৰ বাবে টঙীঘৰ সাজি নিশা ধাননি ৰখে যদিও দিনত নাহৰফুটুকীৰ আক্ৰমণে আন এক সমস্যাৰ উদ্ভৱ ঘটাইছে।

    Published by:Gautam Barman
    First published: