মহানগৰীৰ গণেশগুৰিত নাহৰফুটুকীৰ মুক্তি বিচৰণ! ৭ ঘণ্টাজোৰা চেষ্টাৰ অন্তত বন বিভাগে কৰিলে ট্ৰেংকুলাইজ

News18 Assam | News18-Assam
Updated:September 21, 2020, 11:10 PM IST
মহানগৰীৰ গণেশগুৰিত নাহৰফুটুকীৰ মুক্তি বিচৰণ! ৭ ঘণ্টাজোৰা চেষ্টাৰ অন্তত বন বিভাগে কৰিলে ট্ৰেংকুলাইজ
গুৱাহাটী মহানগৰীত নাহৰফুটুকীৰ মুক্ত বিচৰণ

গুৱাহাটী মহানগৰীত নাহৰফুটুকীৰ মুক্ত বিচৰণ

  • News18 Assam
  • Last Updated: September 21, 2020, 11:10 PM IST
  • Share this:
গুৱাহাটী মহানগৰীত নাহৰফুটুকীৰ মুক্ত বিচৰণ। মহানগৰীৰ আদিংগিৰি, ধীৰেণপাৰাৰ পিছত এইবাৰ গণেশগুৰিৰ কছাৰি বস্তিত পিঞ্জৰাবদ্ধ হ’ল এটা নাহৰফুটুকী বাঘ। সোমবাৰে পুৱা কছাৰি বস্তিৰ প্ৰয়াত গনেশ বড়োৰ বাসগৃহত এজন যুৱকে নাহৰফুটুকী বাঘটো প্ৰত্যক্ষ কৰি লগে লগে খবৰ দিয়ে বন বিভাগৰ লোকক।

বন বিভাগৰ লোক উপস্থিত হৈ প্ৰায় ৭ ঘণ্টা ধৰি নিৰন্তৰ চেষ্টাৰ অন্তত বাঘটো ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হয়। ট্ৰেংকুলাইজ কৰাৰ পিছত বাঘটোক বন বিভাগৰ লোকে মহানগৰীৰ ৰাজ্যিক চিৰিয়াখানালৈ লৈ যায়। নাহৰফুটুকী বাঘটোক পিঞ্জৰাবদ্ধ কৰা বা তাৰ আগমুহুৰ্তলৈ কোনো লোক হতাহতি হোৱা নাই বুলি জানিব পৰা গৈছে।
Published by: Himangshu Bhuyan
First published: September 21, 2020, 11:10 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading