আজি বিধানসভাৰ অধিৱেশনত উত্থাপন হ’ল নেমুটেঙাৰ প্ৰসংগ। নেমুটেঙাৰ অভাৱনীয় মূল্যবৃদ্ধিৰ প্ৰসংগই গুৰুত্ব পালে বিধানসভাত। কিয় দাম বৃদ্ধি হৈছে তাৰ কাৰণ বিশ্লেষণ কৰাৰ লগতে জনসাধাৰণক ইয়াৰ বাবে পৰামৰ্শও আগবঢ়ালে বিধায়কে।
কিন্তু বিধানসভাত নেমুটেঙাৰ প্ৰসংগ কিয়? কিমান গুৰুত্বপূৰ্ণ নেমুটেঙাৰ প্ৰসংগ! নে এয়া আন ইছ্যু তল পেলোৱাৰ এক কৌশল শাসকীয় পক্ষৰ! নেমুটেঙাৰ প্ৰসংগ উত্থাপন কৰি বিৰোধী পক্ষৰ লগতে সংবাদ মধ্যমকো ব্যস্ত কৰি ৰাখিব বিচাৰিছে নেকি!
প্ৰশ্ন এইবাবেই উত্থাপন হৈছে, কাৰণ আজিৰ দিনটোত একেলগে দাম বৃদ্ধি পাইছে পেট্ৰ’ল–ডিজেল–ৰন্ধন গেছৰ। প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত ৫০ টকাকৈ বৃদ্ধি পাইছে। অহা মাহৰ পৰা বৃদ্ধি পাব বিদ্যুতৰ বিল। ১ এপ্ৰিলৰ পৰা অসমত ২০২১-২২ বৰ্ষৰ তুলনাত প্ৰতি ইউনিটত গড় হিচাপত ৫৯ পইচাকৈ মাছুল বৃদ্ধি কৰা হৈছে। ৰাজ্যৰ শক্তি বিভাগে কোটি কোটি টকাৰ ৰাজহ ঘাটি পূৰাবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ লগতে প্ৰতিটো অত্যাৱশ্যকীয় সামগ্ৰীৰ এতিয়া আকাশলংঘী দাম। গৰীৱ–মধ্যবিত্তৰ বাবে জীৱন নিৰ্বাহ কৰাটো একপ্ৰকাৰ কঠিন হৈ পৰিছে। ইমানৰ পিছতো বিধানসভাত নেমুটেঙাৰ প্ৰসংগ কিয়? অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিৰ প্ৰসংগ কিয় আলোচনা নহয়! আলোচনা হ’ব লাগিছিল ইন্ধনৰ মূল্যবৃদ্ধিৰ প্ৰসংগত।
বিধানসভাত বিধায়ক মৃণাল শইকীয়াই ক’লে – ‘‘উৎপাদনৰ ওপৰত নিৰ্ভৰ কৰি মূল্য কম বেছি হৈ থাকে৷ নেমুৰ মুল্যবৃদ্ধি হৈছে৷ আগতে ঘৰে ঘৰে নেমু টেঙাৰ গছ আছিল৷ এতিয়া নেমু খেতি নকৰা হ’ল৷ টাবতো নেমু ৰুব পাৰি।’’
নেমুৰ চাহিদা বৃদ্ধি কৰিবলৈ পৰামৰ্শ দিয়াটো ভাল কথা। কিন্তু GI Tag লাভ কৰা, বিশ্বৰ বজাৰ দখল কৰা অসমৰ কাজি নেমুৰ উচিত দাম নাপাই নদীত পেলাই দিয়া কৃষকো অসমতে আছে। সেই কাৰণবোৰ বিশ্লেষণ কৰাৰ প্ৰয়োজনীয়তাহে অধিক।
Published by: Sanjay Kumar Das
First published: March 22, 2022, 13:26 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|