বাক্সা জিলাৰ নেমু খেতিয়কসকলৰ বাবে এক আশাব্যঞ্জক তথা গৌৰৱময় বতৰা ৷ বাক্সাৰ কৃষকৰ দ্বাৰা উৎপাদিত নেমুৰ বিদেশ যাত্ৰা ৷ তাকো সুদূৰ লণ্ডনলৈ আৰম্ভ হ' ল নেমুটেঙাৰ ৰপ্তানি ৷
আজি বাক্সা জিলাৰ মুছলপুৰৰ পৰা সুদূৰ লণ্ডনলৈ নেমু ৰপ্তানিৰ শুভাৰম্ভ কৰা হয় (Lemon Export to London)। এই উপলক্ষে জিলাখনৰ মুছলপুৰস্থ জিলা উপায়ুক্ত কাৰ্যালয়ৰ প্ৰাংগণত আনুষ্ঠানিকভাৱে নেমু ৰপ্তানিৰ শুভ উদ্বোধন কৰে জিলা উপায়ুক্ত আয়ুষ গাৰ্গে । নীলাচল এগ্ৰো প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ উদ্যোগত উৎপাদন কৰা প্ৰায় চাৰি হাজাৰ নেমু ৰপ্তানি কৰে।
নেমুটেঙাৰ ৰপ্তানিৰ ফ্লেগ অফ কৰি জিলা উপায়ুক্ত আয়ুষ গাৰ্গে কয় যে বাক্সা জিলাৰ কৃষকসকলে এতিয়া আৰু উৎপাদিত সামগ্ৰীৰ বিক্ৰীৰ ক্ষেত্ৰত কোনো চিন্তা কৰিব নালাগে। সকলো কৃষকে নিজৰ উৎপাদিত সামগ্ৰীসমূহ বিক্ৰী কৰিবলৈ জিলা কৃষি বিভাগৰ লগত যোগাযোগ কৰিব পাৰে।
জিলা কৃষি বিভাগৰ লগতে আন বিভাগসমূহেও কৃষকৰ উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে সহায়-সহযোগিতা আগবঢ়াব। কৃষকসকলক প্ৰতিদিনে এহাজাৰ কিলোগ্ৰাম নেমু উৎপাদন কৰি সেইবোৰ ৰপ্তানি কৰিবলৈ আহ্বান জনায় উপায়ুক্ত গাৰ্গে।
আনহাতে নীলাচল এগ্ৰো প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া মানস প্ৰতীম কলিতাই জিলা উপায়ুক্ত আয়ুষ গাৰ্গৰ সহযোগত আজি প্ৰথমবাৰৰ বাবে বিদেশলৈ নেমু ৰপ্তানি কৰিবলৈ সক্ষম হয় বুলি জানিবলৈ দি কয় যে বাক্সা জিলা নেমু খেতিৰ বাবে উত্তম ঠাই। সেয়েহে নেমু খেতি কৰাৰ বাবে কৃষকসকল আগবাঢ়ি আহিছে।
Published by: Gautam Barman
FIRST PUBLISHED : July 16, 2022, 08:39 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।