• Home
  • »
  • News
  • »
  • assam
  • »
  • DGP ভাস্কৰজ্যোতি মহন্তৰ বিৰুদ্ধে বিধানসভাৰ অনুশাসন সমিতিৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ, কিন্তু কিয়?

DGP ভাস্কৰজ্যোতি মহন্তৰ বিৰুদ্ধে বিধানসভাৰ অনুশাসন সমিতিৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ, কিন্তু কিয়?

মঙলদৈত কি কৈছিল 'বিধায়ক' সন্দৰ্ভত DGP ভাস্কৰজ্যোতি মহন্তই?

মঙলদৈত কি কৈছিল 'বিধায়ক' সন্দৰ্ভত DGP ভাস্কৰজ্যোতি মহন্তই?

মঙলদৈত কি কৈছিল 'বিধায়ক' সন্দৰ্ভত DGP ভাস্কৰজ্যোতি মহন্তই?

  • Share this:

২৩ ছেপ্টেম্বৰৰ সন্ধিয়া মঙলদৈত কৰা এটা মন্তব্যক লৈ এতিয়া তদন্তৰ সন্মুখীন হোৱাৰ পৰ্যায়লৈ গৈছে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত ৷ অসম বিধানসভাৰ অনুশাসন সমিতিয়ে এই সন্দৰ্ভত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷


২৩ ছেপ্টেম্বৰত ছিপাঝাৰৰ গৰুখুঁটি আৰু ধলপুৰ অঞ্চলত আৰক্ষী-প্ৰশাসনে চলোৱা উচ্ছেদ অভিযানত ভয়ংকৰ পৰিৱেশৰ সূচনা হৈছিল। উচ্ছেদকাৰী আৰক্ষী-প্ৰশাসনৰ ওপৰত দা-যাঠী-জোং লৈ আক্ৰমণ কৰিছিল ৷ প্ৰত্যুত্তৰত আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া হৈছিল ৷ উক্ত ঘটনাত নজনকৈ আৰক্ষীৰ জোৱান আহত হৈছিল। আৰক্ষীৰ গুলীত দুজন লোকৰ মৃত্যু হোৱাৰ লগতে বহুকেইজন গুলীবিদ্ধ হৈছিল ৷


সেই ভয়ংকৰ ঘটনাৰ বুজ ল'বলৈ মঙলদৈত উপস্থিত হোৱাৰ সময়ত সাংবাদিকৰে হোৱা অন কেমেৰা বাৰ্তালাপত আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই তদন্ত প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ কথা সদৰী কৰিছিল ৷ লগতে এজন বিধায়কে কৰা মন্তব্য সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত আৰক্ষী সঞ্চালকপ্ৰধান মহন্তই পোনপটীয়াকৈ কৈছিল- “মই পুলিচ, মই কোনো বিধায়ক-চিধায়কৰ কথা নামানো ৷”


আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই বিধায়ক সন্দৰ্ভত কৰা সেই মন্তব্যক লৈ পিছদিনা বিধায়ক আৱাসত কংগ্ৰেছী বিধায়ক তথা APCCৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে' পুৰকায়স্থই তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল আৰু অসম বিধানসভাৰ অধ্যক্ষৰ হস্তক্ষেপ বিচাৰিছিল ৷ বিধায়কক অসন্মান তথা উপলুঙা কৰা বুলি দাবী তুলি কমলাক্ষ দে' পুৰকায়স্থই বিধানসভাৰ আৰক্ষী সঞ্চালকপ্ৰধানে বিশেষাধিকাৰ ভংগ কৰিছে বুলি মন্তব্য কৰিছিল ৷


এই বিষয়ত ২৫ ছেপ্টেম্বৰৰ সন্ধিয়া বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীৰ চৰকাৰী বাসগৃহত উপস্থিত হৈ বিৰোধী কংগ্ৰেছে আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগ কৰাৰ দাবীৰে স্মাৰকপত্ৰ প্ৰদান কৰিছিল ৷


বিৰোধী কংগ্ৰেছে বিশেষাধিকাৰ ভংগৰ অভিযোগ দিয়াৰ পিছত বিধানসভাৰ অধ্যক্ষই বিষয়টো সদনৰ অনুশাসন সমিতিলৈ প্ৰেৰণ কৰে ৷ এই হিচাপত সোমবাৰে বিধানসভাৰ অতিৰিক্ত সচিব দুলাল পেগুৱে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া৷ পেগুৱে আৰক্ষী সঞ্চালকপ্ৰধানে ২৩ ছেপ্টেম্বৰত 'বিধায়ক' সন্দৰ্ভত কৰা মন্তব্য সম্প্ৰচাৰ হোৱা টিভি চেনেলসমূহৰ পৰা ভিডিঅ' ক্লীপ বিচাৰি মুখ্য সম্পাদকসকললৈ আবেদন পত্ৰ প্ৰেৰণ কৰিছে ৷

Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি