মুখ্যপৃষ্ঠা »খবৰ »অসম »A R Rahman in Guwahati : গুৱাহাটীত এ আৰ ৰহমান, ৰহমানৰ ঘৰত ঘৰৰখীয়া ৰূপে আছে ১০ অসমীয়া

A R Rahman in Guwahati : গুৱাহাটীত এ আৰ ৰহমান, ৰহমানৰ ঘৰত ঘৰৰখীয়া ৰূপে আছে ১০ অসমীয়া

''যদি আমিয়েই ইয়াৰ পৰা যাওঁগৈ, ছাৰৰ ঘৰৰ নিৰাপত্তাৰ কি হ'ব, আমাৰ বিশ্বাস আছে, ছাৰৰ অনুষ্ঠানে গুৱাহাটীবাসীক নিৰাশ নকৰিব।”

''যদি আমিয়েই ইয়াৰ পৰা যাওঁগৈ, ছাৰৰ ঘৰৰ নিৰাপত্তাৰ কি হ'ব, আমাৰ বিশ্বাস আছে, ছাৰৰ অনুষ্ঠানে গুৱাহাটীবাসীক নিৰাশ নকৰিব।”

  • Share this:

আজি ৰাজ্যৰ প্ৰায়ভাগ লোক সংগীতশিল্পী এ আৰ ৰহমানৰ সংগীতানুষ্ঠানক লৈ ব্যস্ত ( (A R Rahman concert in Guwahati)। গুৱাহাটীত বিশাল আয়োজনৰ মাজত শিল্পীগৰাকীৰ সংগীত পৰিৱেশন প্ৰত্যক্ষ কৰিবলৈ বিৰ দি বাট নোপোৱা অৱস্থা। এয়া স্বাভাৱিক।


কিন্তু এই সময়তে আপোনালোকক জনাবলৈ বিচাৰিছোঁ, এ আৰ ৰহমানৰে অসমৰ এটা বিশেষ সম্পৰ্কৰ কথা। সেয়া হৈছে সুদূৰ চেন্নাইৰ কোডামবক্কমত এ আৰ ৰহমানৰ ঘৰৰ সুৰক্ষাত নিয়োজিত হৈ আছে ১০গৰাকীকৈ অসমীয়া যুৱক-যুৱতী।


কোন এইসকল অসমীয়া যুৱক-যুৱতী?
মেৰাপানী বাঁহফলা গাঁৱৰ পৰা জীৱিকাৰ সন্ধানত বেঙা মেলি চেন্নাই পোৱা মানস পেগুকে ধৰি আটাইকেইগৰাকী অসমীয়াই নিয়োজিত হৈ আছে প্ৰখ্যাত সংগীতজ্ঞগৰাকীৰ ঘৰ এআৰ ৰহমান ফাউণ্ডেচন, সম্পত্তিৰ নিৰাপত্তা নিশ্চিত কৰাত।


কোনোবাজন যদি নিয়োজিত হৈছে ৰহমানৰ ঘৰৰ নিৰাপত্তাৰ দায়িত্বত আন কোনোজন আকৌ ঘৰৰ বিভিন্ন কামৰ আলপৈচান ধৰাৰ বাবে কৰি গৈছে কাম।
কেৱল ভাৰতৰেই নহয়, বিশ্বজুৰি খ্যাতি বিয়পা এ আৰ ৰহমানৰ ঘৰলৈ অহা-যোৱা কৰা প্ৰতিগৰাকী বিখ্যাত লোকৰ সাক্ষাতো লাভ কৰিছে এওঁলোকে। নিচেই ওচৰতে লগ পাইছে সাধাৰণ ৰাইজে সপোনতো ঢুকি নোপোৱা দেশ-বিদেশৰ তাৰকা শিল্পীসকলক।


থালাইবা ৰজনীকান্ত, ইছেই জ্ঞানীখ্যাত কিংবদন্তি শিল্পী ইলেয়াৰাজাকে ধৰি দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ ক্ষেত্ৰৰ তাৰকাসকলৰ পৰা বলীউডৰ অনু মালিক, শ্বাহৰুখ খানকে ধৰি বহু শিল্পী-অভিনেতাক নিচেই ওচৰৰ পৰা লগ পাইছে এওঁলোকে।


এ আৰ ৰহমানৰ ঘৰত কাম কৰাৰ অভিজ্ঞতাৰ বিষয়ে কি কয়?
এ আৰ ৰহমানৰ ঘৰত ৯ মাহ ধৰি কাম কৰি থকা গোলাঘাটৰ মানস পেগুৱে ৰহমানৰ বাসভৱনত তেওঁৰ অভিজ্ঞতাৰ কথা ক’লে এইদৰে- “আমি অসমৰ দহগৰাকী যুৱক-যুৱতী ৰহমান ছাৰৰ চেন্নাইত থকা বাসভৱনত কৰ্মৰত হৈ আছোঁ। ছাৰ ব্যস্ত মানুহ। স্বভাৱতঃ ছাৰে কম কথা কয়। আমাৰ সৈতে দেখা-সাক্ষাত্‍ হয় যদিও তেওঁ কথা-বতৰা নাপাতে। অৱশ্যে ৰহমানৰ পত্নীয়ে মাজে সময়ে ইটো-সিটো কথা সোধে। দীপাৱলী, পোংগল আদি অনুষ্ঠানৰ সময়ত ছাৰে আমাক বিভিন্ন উপহাৰ দিয়াৰ লগতে ছাৰৰ ঘৰত উত্‍সৱ পাৰ্বণৰ সময়ত বনোৱা খাদ্যও খাবলৈ দিয়ে। মন আছিল গুৱাহাটীত ছাৰৰ প্ৰ’গ্ৰামটো চাবলৈ, কিন্তু তেখেতৰ প্ৰ’গ্ৰাম চাবলৈ যদি আমিয়েই ইয়াৰ পৰা যাওঁগৈ, ছাৰৰ ঘৰৰ নিৰাপত্তাৰ কি হ'ব, আমাৰ বিশ্বাস আছে, ছাৰৰ অনুষ্ঠানে গুৱাহাটীবাসীক নিৰাশ নকৰিব।”


প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ হাজাৰ হাজাৰ নিবনুৱা সম্প্ৰতি দক্ষিণ ভাৰতৰ বিভিন্ন ৰাজ্যৰ বিভিন্ন চহৰত চাকৰি কৰি আছে। সাধাৰণতে নিৰাপত্তাৰক্ষীৰ দায়িত্ব পালনৰ বাবেই নিয়োজিত হৈ থকা এইসকল যুৱক-যুৱতীৰ কৰ্তব্যনিষ্ঠা আৰু দায়িত্ববোধৰ বাবেই অতি কম সময়ৰ ভিতৰতেই উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকল দক্ষিণ ভাৰতৰ নিয়োগকৰ্তাসকলৰ প্ৰথম পছন্দ হৈ পৰিছে। ইতিমধ্য অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বহুকেইগৰাকী যুৱক-যুৱতীয়ে মানস পেগুৰ দৰে বহু গুৰুত্বপূৰ্ণ স্থানত কাৰ্যনিৰ্বাহ কৰি আছে।

শেহতীয়া বাতৰি