চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ ওপজা দিন, ৰাণাদাক সশ্ৰদ্ধ স্মৰণ ৰাজ্যবাসীৰ

ওপজা দিন উপলক্ষে মহানগৰীৰ চানমাৰি উৰণীয়া সেতুঁৰ তলত থকা জয়ন্ত হাজৰিকাৰ স্মৃতিসৌধত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণেৰে অনুষ্ঠিত হয় স্মৃতিচাৰণ সভা।

News18-Assam
Updated:September 20, 2019, 1:41 PM IST
চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ ওপজা দিন, ৰাণাদাক সশ্ৰদ্ধ স্মৰণ ৰাজ্যবাসীৰ
Photo : G Plus
News18-Assam
Updated: September 20, 2019, 1:41 PM IST
আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ ৭৬সংখ্যক ওপজা দিন। ওপজা দিনত ৰাণাদাক সশ্ৰদ্ধ স্মৰণ ৰাজ্যবাসীৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তত গায়ক, সুৰকাৰ, সংগীত পৰিচালক, গীতিকাৰ ৰাণাদাৰ জন্মদিন উপলক্ষে আয়োজন কৰা হৈছে ভিন্ন কাৰ্যসূচীৰ।

১৯৪৩ চনৰ ২০ ছেপ্টেম্বৰত মঙলদৈত জন্মগ্ৰহণ কৰিছিল শিল্পীগৰাকীয়ে। সংগীত সাধনাৰ জৰিয়তে অতি কম বয়সতে কিংবদন্তী হৈ অকালতে পৃথিৱীৰ পৰা হেৰাই যোৱা শিল্পীগৰাকীয়ে সমৃদ্ধ কৰি থৈ গৈছিল অসমীয়া সংগীত জগতৰ ভঁৰাল।

ওপজা দিন উপলক্ষে মহানগৰীৰ চানমাৰি উৰণীয়া সেতুঁৰ তলত থকা জয়ন্ত হাজৰিকাৰ স্মৃতিসৌধত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণেৰে অনুষ্ঠিত হয় স্মৃতিচাৰণ সভাৰ। স্মৃতিচাৰণ সভাত অংশগ্ৰহণ কৰে অসংখ্য গুণমুগ্ধই। জয়ন্ত হাজৰিকাৰ সৃষ্টিৰাজিৰ স্মৰণ ৰাজ্যবাসীৰ।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি