আজি ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ ৯৩সংখ্যক ওপজা দিন। কালজয়ী গীত–সুৰেৰে অসমবাসীৰ বিবেক আৰু আৱেগক আৱৰি ৰখা বিশ্ববৰেণ্য শিল্পীগৰাকীৰ ওপজা দিন উদযাপন কৰা হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। সুধাকণ্ঠৰ জালুকবাৰীস্থিত সমাধিক্ষেত্ৰত ৰাজ্য চৰকাৰৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।
গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্ততো আয়োজন কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। নিজৰাপাৰৰ ভূপেনদাৰ বাসভৱনতো আয়োজন কৰা হৈছে ওপজা দিনৰ বিশেষ অনুষ্ঠান। সমগ্ৰ অসমৰ লগতে মায়ানগৰী মুম্বাই, কলকাতা তথা বিদেশতো স্মৰণ কৰা হয় সুধাকণ্ঠক৷
জাতি–মাটিৰ হকে গীত গাই নিজৰ সৃষ্টিশীল প্ৰতিভাৰে বিশ্ববাসীৰ সন্মুখত উজলি উঠা মহান শিল্পীগৰাকীৰ জন্ম হৈছিল ১৯২৬ চনত শদিয়াত। শৈশৱৰ আৰম্ভণিতেই ঊষানগৰী তেজপুৰত ৰূপকোঁৱৰ আৰু কলাগুৰুৰ সান্নিধ্য লাভ কৰি সুধাকণ্ঠই আৰম্ভ কৰিছিল তেওঁৰ সাংস্কৃতিক যাত্ৰা। অসমক সমগ্ৰ বিশ্বৰ সন্মুখত গৌৰৱান্বিত কৰি থৈ গৈছিল মহান শিল্পীগৰাকীয়ে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : September 08, 2019, 10:07 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।